/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/chilapathar-juwai.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ কালি জোনাইত সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰত এজন যুৱকৰ মৃত্যুৰ ঘটনাকলৈ চাঞ্চল্য অব্যাহত থকাৰ সময়তে চিলাপথাৰতো সংঘটিত হ'ল অনুৰুপ ঘটনা। প্ৰাপ্ত খবৰ মতে কালি বিয়লি ৰঙাপাৰাৰ ফুলগুৰি নিবাসী পৰেশ মণ্ডল (৩৬) নামৰ লোকজনে চিলাপথাৰ বোকাবিলৰ শহুৰ কৃষ্ণ মণ্ডলৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। পিছে গন্তব্য স্থান পোৱাৰ পূৰ্বেই পৰেশ মণ্ডলে অলপ জীৰণি ল'বলৈ গৈ বহিল সুৰাৰ আড্ডাত।
চিলাবালি গাঁৱৰ আড্ডাত সুৰা সেৱন কৰি বাট পথ পাহৰি পেলায় পৰেশ মণ্ডলে। ইয়াৰ পিছতে অপৰিচিত লোকজনক দেখি স্থানীয় একাংশৰ সন্দেহ ওপজে। সোপাধৰাৰ সন্দেহত স্থানীয় একাংশই কিছু প্ৰশ্ন কৰে যদিও সুৰাৰ ৰাগীত সঠিক উত্তৰ দিব নোৱাৰাত অথন্তৰ লাগে পৰেশ মণ্ডলৰ ।
সদুত্তৰ নাপাই একাংশই লোকজনক উত্তম মাধ্যম সোধাবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে লোকজনক ধৰি ভৈৰৱপুৰ বজাৰলৈ লৈ যায় আৰুএক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এনে সময়তে দৈৱক্ৰমে ঘটনাটো আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ প্ৰাণ ৰক্ষা কৰি থানালৈ লৈ যায়। ঘটনাটোকলৈ অঞ্চলটোত চলি আছে তীব্ৰ প্ৰতিক্ৰিয়া।
আৰু পঢ়কঃ গুৰুজনাৰ বিৰুদ্ধে অপমানসূচক মন্তব্য, কোঠৰতম শাস্তিৰ দাবী নগাঁও জিলা সত্ৰ মহাসভাৰ