লখিমপুৰতো বৃদ্ধি পাইছে শিশু কোভিড ৰোগীৰ সংখ্যাঃ ২ টি শিশুৰ মৃত্যু

লখিমপুৰতো বৃদ্ধি পাইছে শিশু কোভিড ৰোগীৰ সংখ্যাঃ ২ টি শিশুৰ মৃত্যু

author-image
asomiyapratidin
New Update
অসমত আৰম্ভ হৈছে নেকি কোভিডৰ তৃতীয় ঢৌ ?

লখিমপুৰতো বৃদ্ধি পাইছে শিশু কোভিড ৰোগীৰ সংখ্যাঃ ২ টি শিশুৰ মৃত্যু

Advertisment

ডিজিটেল সংবাদ লখিমপুৰঃ ৰাজ্যৰ কোভিড পৰিস্থিতি কিছু উন্নত হৈছে যদিও চলিত মাহত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত শিশুৰ সংখ্যা৷ যোৱা ১ জুনৰ পৰা এইপৰ্যন্ত ৰাজ্যত কেইবাসহস্ৰাধিক শিশু কোভিডত আক্ৰান্ত হৈছে৷ দেওবাৰৰ দিনটোত ৰাজ্যত প্ৰায় আঢ়ৈ হাজাৰ শিশু এই ৰোগত আক্ৰান্ত হয়৷ ৰাজ্যত আৰম্ভ হোৱা কোভিড মহামাৰীৰ দ্বিতীয় ঢৌত বিগত মাহকেইটাত শিশু ৰোগীৰ সংখ্যা তুলনামূলকভাৱে কম৷ কিন্তু লক্ষণীয়ভাৱে জুন মাহত ১ ৰ পৰা ১২ বছৰ বয়সৰ শিশু কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে৷

ক্লিক কৰি পঢ়কঃ কিস্তিটো আদায় দিব পাৰিব বিদ্যুৎৰ বিলঃ সংবাদ মেলত বিমল বৰাৰ ঘোষণা

ইতিমধ্যে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, নগাঁও, তেজপুৰ আদি স্থানত কেইবাশতাধিক কোভিড আক্ৰান্ত শিশু চিনাক্ত হৈছে৷ হঠাৎ কণ কণ শিশু কোভিডত আক্ৰান্ত হোৱাত চিন্তিত হৈছে স্বাস্থ্য বিভাগ৷ লক্ষণীয়ভাৱে যোৱা ১ জুনৰ পৰা এইপৰ্যন্ত লখিমপুৰ জিলাত মুঠ ১৬ টি শিশু কোভিডত আক্ৰান্ত হয়৷ আক্ৰান্ত শিশুসকল জন্মৰ পৰা ১২ বছৰ বয়সৰ ভিতৰৰ৷দুৰ্ভাগ্যজনকভাৱে ইয়াৰে দুটি শিশু মৃত্যুমুখত পৰে৷ যোৱা ১১ জুনত দ'লহাটৰ ৰজিবুল ইছলাম নামৰ এটি দহবছৰীয়া শিশু এই ৰোগত মৃত্যু হোৱাৰ বিপৰীতে যোৱা শুকুৰবাৰে ৰহান ক্ৰিষ্টি নামৰ আন এটি চাৰিমহীয়া শিশুৰ মৃত্যু হয়৷

শিশু কোভিড ৰোগী এইদৰে বৃদ্ধি পোৱা বিষয়টোক লৈ চিন্তিত হৈ পৰিছে লখিমপুৰ স্বাস্থ্য বিভাগ৷ যিসকল শিশু কোভিডত আক্ৰান্ত হৈছে তেওঁলোকক প্ৰথম অৱস্থাত স্বাস্থ্য বিভাগৰ ফালৰ পৰা হোম আইছ'লেশ্যনত থকাৰ ব্যৱস্থা কৰা হৈছিল৷ কিন্তু আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত সম্প্ৰতি সেই ব্যৱস্থাৰ বিলুপ্তি ঘটাইছে লখিমপুৰ স্বাস্থ্য বিভাগে৷ হোম আইছ'লেশ্যনত শিশু কোভিড ৰোগীক ৰখাৰ পৰামৰ্শ দিয়াৰ মূলতে হ'ল শিশুক অকলে চিকিৎসালয়ত অভিভাৱকে এৰিব নোখোজে৷ কিন্তু ঘৰুৱা চিকিৎসা পদ্ধতিত কোভিড আক্ৰান্ত শিশু আৰোগ্য নোহোৱাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়৷ ফলত চিকিৎসালয়ত ৰোগীক ৰখাটো বাধ্যতামূলক কৰিছে স্বাস্থ্য বিভাগে৷

এই সন্দৰ্ভত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ লগত 'অসমীয়া প্ৰতিদিন'ৰ বাৰ্তালাপত অধীক্ষকগৰাকীয়ে কয়, "সাধাৰণতে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি৷ সেয়েহে কোভিডৰ প্ৰথম ঢৌত শিশু ৰোগীৰ সংখ্যা কম আছিল৷ কিন্তু দ্বিতীয় ঢৌত যথেষ্টসংখ্যক বয়োজ্যেষ্ঠ লোক, প্ৰসূতি, মাতৃ কোভিডত আক্ৰান্ত হৈছে৷ এইসকলৰ পৰা জন্মৰ পৰা ১২ বছৰ বয়সৰ শিশুসকলৰ কোভিড সংক্ৰমণ ঘটিছে৷ যিহেতু শিশুৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, সেয়েহে স্বাস্থ্য বিভাগে প্ৰসূতি-মাতৃসকলক শিশুক দুগ্ধ পানৰ সময়ত মাস্ক পৰিধান কৰা, হাত ছেনিটাইজ কৰা আদি পদ্ধতি অৱলম্বন কৰাৰ পৰামৰ্শ দিছে৷"

অধীক্ষকগৰাকীৰ মতে, উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ এছ এন চি ইউত দুখন বিছনা সংকটজনক শিশু কোভিড ৰোগীৰ বাবে ৰখা হৈছে৷ আনহাতে শিশু আই চি ইউত আন দুখন বিছনাও ৰখা হৈছে৷ নৱনিৰ্মিত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়তো শিশু কোভিড ৰোগীৰ বাবে আই চি ইউৰ ব্যৱস্থা কৰা হৈছে৷ স্মৰ্তব্য যে, কোভিডৰ তৃতীয় ঢৌত দেশত যথেষ্টসংখ্যক শিশু আক্ৰান্ত হ'ব বুলি আই চি এম আৰ আৰু এইম্‌ছৰ ফালৰ পৰা সতৰ্কবাণী কৰা হৈছে৷ কিন্তু ইয়াৰ পূৰ্বেই কোভিডৰ দ্বিতীয় ঢৌত লক্ষণীয়ভাৱে আমাৰ ৰাজ্যত কেইবাসহস্ৰাধিক শিশু কোভিডত আক্ৰান্ত হৈছে৷ স্বাস্থ্য বিভাগে শিশু ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্নতা প্ৰকাশ কৰিছে৷