কোভিডৰ নতুন নিৰ্দেশনা সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবৰ সংবাদমেল সম্বোধন…Live Update

কোভিডৰ নতুন নিৰ্দেশনা সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবৰ সংবাদমেল সম্বোধন…Live Update

author-image
asomiyapratidin
New Update
কোভিডত আক্ৰান্ত হৈ অসম এছ’ছিয়েচনৰ গুড়গাঁৱৰ প্রতিষ্ঠাপক সভাপতি মৃদুল ভূঞাৰ মৃত্যু…

  • ৰাজ্যৰ কোভিড পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবৰ সংবাদমেল সম্বোধন।
  • সংবাদমেলত উপস্থিত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।
  • কোভিড নীতি উলংঘা কৰা সকলৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ।
  • সন্ধিয়া ৬ বজাৰ পৰা বন্ধ হ'ব দোকান-পোহাৰ, শ্বপিং মল তথা ব্যৱসায়ীক প্ৰতিষ্ঠান।
  • ৩০ এপ্ৰিললৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা।
  • মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব মানি চলা বাধ্যতামূলক।
  • বৰ্তমানমানলৈ ৰাজ্যত কিছু নিয়ন্ত্ৰণত আছে কোভিড পৰিস্থিতিঃ সচিব।
  • ৰাজ্যত আক্ৰান্তৰ সংখ্যা ০.৫৭ ৰ পৰা ২.৭৮ লৈ বৃদ্ধিঃ সচিব।
  • গৰ্ভৱতী মহিলাক ঘৰৰ পৰাই কাম কৰাৰ অনুমতি।
  • ৫ বছৰৰ তলৰ সন্তান থকা মহিলায়ো ঘৰৰ পৰাই কৰিব পাৰিব কাম।
  • জিলা প্ৰশাসনৰ অনুমতি লৈহে অনুষ্ঠিত কৰিব পাৰিব অনুষ্ঠান।
  • বন্ধ কোঠাৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব ৫০ শতাংশ লোক।
  • চৰকাৰী-বেচৰকাৰী সকলো প্ৰতিষ্ঠান তথা কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীৰে সম্পাদন হ'ব কাম-কাজ।
  • মৃতকৰ শেষকৃত্যত ২০ জনতকৈ অধিক লোকৰ উপস্থিতিত বাধা।
  • বিবাহ-ঘৰুৱা অনুষ্ঠানত উপস্থিত থাকিব পাৰিব ১০০ জন লোক।
  • ৫০ শতাংশ শিক্ষাৰ্থীৰে শিক্ষানুষ্ঠানত চলিব পাঠদান।
  • শিক্ষনুষ্ঠানসমূহে পাঠদান ক্ষেত্ৰত জাৰি কৰিব পাৰিব নিৰ্দেশনা।
  • শিক্ষানুষ্ঠানত প্ৰাতঃসভা আয়োজনত বাধা।
  • ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰত দিয়া হৈছে বিশেষ নিৰ্দেশনা।
  • যাত্ৰী বহুওৱাৰ ক্ষেত্ৰতো কোভিড বিধি পালন কৰিব লাগিব।
  • দোকান-পোহাৰত গ্ৰাহকৰ মাজত থাকিব লাগিব ৬ ফুট ব্যৱধানেৰে সামাজিক দূৰত্ব।
  • দোকানত একেসময়তে ৫ জনতকৈ অধিক গ্ৰাহক উপস্থিত থাকিব নোৱাৰিব।
  • আইন অমান্য কৰিলে প্ৰয়োগ কৰিম লাঠীঃ ডিজিপি।
  • অটো ৰিক্সা আৰু টেক্সিত এজন চালক আৰু দুগৰাকী যাত্ৰীৰেহে ভ্ৰমণ কৰিব পাৰিব।
  • ৰাজহুৱা স্থানতো পৰিধান কৰিব লাগিব মাস্ক।
  • মুকলি অনুষ্ঠানত উপস্থিত থাকিব পাৰিব সৰ্বাধিক ৪০০ জন লোক।
  • ৰাজহুৱা স্থানত থু-খেকাৰ পেলালে ১০০০ টকা জৰিমনা।
  • ৫০ শতাংশ যাত্ৰীৰে চিটিবাছ আৰু আন্তঃৰাজ্যিক বাছ সেৱা।
  • চেলুন, পাৰ্লাৰ সমূহত পালন কৰিব লাগিব কোভিড প্ৰট'কল।
  • সাংবাদিক, আৰক্ষী আৰু শিক্ষকক প্ৰথম শাৰীৰ যোদ্ধা হিচাপে কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিবলৈ আহ্বান।
  • প্ৰথম শাৰীৰ যোদ্ধা হিচাপে বিবেচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে পত্ৰ।
  • পুলিচক মাস্ক প্ৰদান কৰিবলৈ আহ্বান ডিজিপিৰ।