ছেপ্টেম্বৰত আহিব ইউনেস্ক'ৰ প্ৰতিনিধিঃ মুখ্য সচিবে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম...

ছেপ্টেম্বৰত আহিব ইউনেস্ক'ৰ প্ৰতিনিধিঃ মুখ্য সচিবে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম...

author-image
Asomiya Pratidin
New Update
ছেপ্টেম্বৰত আহিব ইউনেস্ক'ৰ প্ৰতিনিধিঃ মুখ্য সচিবে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম...

ছেপ্টেম্বৰত আহিব ইউনেস্ক'ৰ প্ৰতিনিধিঃ মুখ্য সচিবে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম...

ডিজিটেল সংবাদ চৰাইদেউঃ মাজত মাথোঁ কেইটামান দিন বাকী ৷ছেপ্টেম্বৰ মাহত আহিব ইউনেস্ক'ৰ পৰা চৰাইদেউ মৈদামক্ষেত্ৰলৈ প্ৰতিনিধিৰ দল ৷ ইউনেস্ক'ৰ প্ৰতিনিধিৰ ভ্ৰমণ কালৰ প্ৰাকক্ষণত আজি ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ লগতে চৰাইদেউ ,শিৱসাগৰ জিলা প্ৰশাসনৰ আৰু পুৰাতাত্বিক বিভাগৰ শীৰ্ষ বিষয়া-বৰ্গই ঐতিহাসিক চৰাইদেউ মৈদাম পৰিভ্ৰমণ কৰে ৷

Advertisment

ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যৰ মূল তালিকাত ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰ অন্তৰ্ভুক্তিৰ লক্ষ্যৰে চৰাইদেউ মৈদামত পূৰ্ণগতি চলি থকা কাম কাজৰ তদাৰক কৰে ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে ৷ পৰিদৰ্শন কালত সচিবগৰাকীক চৰাইদেউ জিলাত আয়ুক্ত নিবেদন দাস পাটোৱাৰী শিৱসাগৰ আয়ুক্ত আদিত্য বিক্ৰম য়াদৱ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ অসম প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ সঞ্চালিকা ড° দিপীৰেখা কুলি, উপ-সঞ্চালক ড° নৱজিৎ দেউৰী, পুৰাতাত্বিক আৰু সাংস্কৃতিক বিশেষজ্ঞ ড° কে চি ন'ৰিয়াল, নাজিৰা মহকুমাধিপতিকে ধৰি বিভিন্ন কৰ্মচাৰীয়ে সংগ দিয়ে ৷

Also Read: টুইট কৰিবলৈ বাধ্য হ’ল জমেট’, তোলপাৰ ছ’চিয়েল মেডিয়া

চৰাইদেউ মৈদাম