/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kormosari-parishad-25.jpg)
ডিজিটেল ডেস্কঃ কেইবাটাও দাবীৰে আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এটা সজাতি দলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাত কৰে। পৰিষদৰ এই দাবীসমূহৰ ভিতৰত ২৪ আগষ্টত ছিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে জনতা ভৱনৰ এগৰাকী কৰ্মচাৰীক শাৰীৰিক ভাৱে অপদস্ত কৰাৰ বিষয়টোৱেও স্থান লাভ কৰে।
আনহাতে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা যেনে ব্যক্তি বিশেষ সৃষ্ট পদৰ ৰিটেনচন অবিহনে দৰমহা আদায় দিয়া, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা, মাষ্টাৰ ৰোল, কেজুৱেল কৰ্মচাৰীক বছৰি ৩ শতাংশ বৃদ্ধি, বিভিন্ন বিভাগৰ কণিষ্ঠ অভিযন্তাসকলৰ এক্স কেডাৰ পদ সৃষ্টিৰে পদোন্নতি আৰু শিক্ষকৰ আৰ্জিত ছুটি বৃদ্ধি আদি দাবীৰ বিষেয় উল্লেখ কৰা হয়।
উল্লেখ্য যে ২৪ আগষ্ট, বুধবাৰে বিধায়ক জয়ন্ত বসুমতাৰীয়ে জনতা ভৱনৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত সংগঠনটোৱে কয় যে-কেইমাহ মান পূর্ব্বে উচ্চ পদস্থ বিষয়াৰ ককৰ্থনা সহ্য কৰিব নোৱাৰি অসম সচিবালয়ৰ এগৰাকী জ্যেষ্ঠ প্রশাসনীয় সহায়কে আত্মহত্যা কৰিছিল। পৰবৰ্তী সময়ত পৰিবহন আয়ুক্তৰ কাৰ্যালয়ত এগৰাকী ভাৰতীয় প্ৰশাসনীয় বিষয়াই সামান্য অজুহাততে পৰিবহন আয়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীক শাৰিৰীক ভাবে অপদস্থ কৰাৰ লগতে অশ্লীল গালি গালাজ কৰি কাৰ্যালয়ৰ পৰিবেশ বিনস্ত কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
২৪ আগষ্টত পুনৰ ছিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে খোদ জনতা ভৱনত বিভূতি ভট্টাচাৰ্য্য নামৰ বিশেষভাৱে সক্ষম কণিষ্ঠ সহায়কক কার্যালয় কক্ষত সামান্য অজুহাতত শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ উপৰিও অভব্য আচৰণেৰে কাৰ্যালয়ৰ পৰিবেশ বিনস্ত কৰাত সদৌ অসম কৰ্মচাৰী পৰিষদে বিধায়কৰ এনে লজ্জাজনক কাণ্ডক তীব্ৰ গৰিহনা দিছে। বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্রধান শ্যামস্ত দাসে কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যিসময়ত ৰাজ্যৰ উন্নয়নৰ বাবে আৰু সুপ্ৰশাসনৰ বাবে দিনে নিশাই আহ্বান জনাই আহিছে সেই সময়ত এগৰাকী বিধায়কে কার্যালয় কক্ষত পৰিবহণ বিভাগৰ সচিবক সাক্ষাত্ৰ বাবে আহি কৰ্মচাৰীক শাৰিৰীকভাৱে অপদস্থ কৰা কার্য কেতিয়াও গ্রহণযোগ্য হব নোৱাৰে।
ঘটনাৰ সন্দৰ্ভত নেতাদ্বয়ে ক্ষোভেৰে কয় যে, জনপ্ৰতিনিধিৰ অফুৰন্ত ক্ষমতা আছে। কিন্তু তেনে ক্ষমতাৰ ৰাগীত মতলীয়া হৈ কৰ্মচাৰীক কাৰ্যালয় কক্ষত শাৰীৰিকভাৱে অপদস্থ কৰাতো গৰিহণা যোগ্য। এনেকুৱা পৰিস্থিতিৰ বাবে জনপ্রতিনিধি আৰু কৰ্মচাৰীৰ মাজত ব্যৱধান বৃদ্ধি হোৱাৰ আশংকা হৈছে। এই ক্ষেত্ৰত মাননীয় মুখ্য মন্ত্ৰী আৰু বিধান সভাৰ অধ্যক্ষক ইয়াৰ উচিত তদন্ত কৰি তৎকালিনভাৱে যাবতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
আনহাতে মাষ্টাৰ ৰোল, ৱাৰ্কচার্জ কৰ্মচাৰীৰ বিভিন্ন সমস্যা সমাধানৰ দাবী তুলি সংগঠনটোৱে কয় যে- ২০০৫ চনত দহটা বিভাগৰ প্ৰায় একত্রিশ হাজাৰ মাষ্টাৰ ৰোল, ৱাৰ্কচার্জ কৰ্মচাৰীৰ বাবে ব্যক্তি বিশেষ পদ (personal post) সৃষ্টি কৰি চাকৰি নিয়মীয়াকৰণ কৰিছিল। বিগত সময়ত চৰকাৰে সকলোবোৰ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ বিটেনচন ব্যৱস্থা বিলুপ্ত কৰিছে। কিন্তু ২০০৫ চনত নিয়মীয়াকৰণ কৰা উক্ত পদসমূহৰ প্ৰতি বছৰে কিন্তু বিভাগৰ পৰা ৰিটেনচন লোৱাটো বাধ্যতামূলক।
যোৱা ২১ নবেম্বৰ,২০২১ তাৰিখে মুখ্যমন্ত্ৰীৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ কৰ্ণধাৰ সমিতিৰ হোৱা অনানুষ্ঠানিক আলোচনাত সেইসকল কৰ্মচাৰীৰ ৰিটেনচন ব্যৱস্থা বিলুপ্ত কৰাৰ বাবে যাবতীয় ব্যৱস্থা লবলৈ প্রধান সচিবক নির্দেশনা দিছিল। কিন্তু আজি পর্যন্ত ৰিটেনচন ব্যৱস্থা উঠাই নিদিয়াত একাংশ কর্মচাৰীৰ চলিত মাহৰ পৰা দৰমহা বন্ধ হোৱাৰ সম্ভৱনা আছে।
উল্লেখনীয় যে জলসিঞ্চন বিভাগটো সংস্কাৰ সাধন কৰি সকলোবোৰ ব্যক্তি বিশেষ পদ (personal post) মুখ্য অভিযন্তা কাৰ্যালয়ৰ কেন্দ্ৰীয় তদাৰকী কোষলৈ বদলি কৰাত আজি পর্যন্ত উচ্চ পদ সমূহৰ ৰিটেনচনৰ বাবে প্ৰস্তাৱ পঠিয়াব নোৱাৰাত উক্ত বিভাগটোৰ কৰ্মচাৰীসকল দৰমহাৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত হৈছে।সেয়েহে উক্ত পদসমূহৰ ৰিটেনচন ব্যবস্থা বিলুপ্ত কৰি দৰমহা আদায়ৰ নিৰ্দেশনা দিয়াৰ বাবে দাবী জনাইছে সংগঠনটোৱে।
আনহাতে ৰাজ্যৰ কেইটামান বিভাগত কৰ্মৰত কনিষ্ঠ অভিযন্তা হিচাপে সুদীৰ্ঘ সময় কৰ্তব্য সম্পাদন কৰা অভিজ্ঞাতাপুষ্ট কৰ্মচাৰী সকলক সহকাৰী অভিযন্তা, কাৰ্যবাহী অভিযন্তালৈ পদোন্নতিৰ ব্যৱস্থা কৰিবলৈ অসম ডিপ্লমা অভিযন্তা সেৱা সন্থাই এক্স কেডাৰ পদ সৃষ্টিৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা একালৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু সেই সিদ্ধান্ত আজিও কাৰ্যকাৰী কৰা নহল।
২০২০ চনৰ ২১ নৱেম্বৰত হোৱা উক্ত আলোচনাৰ সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰিবলৈ সন্থাই মুখ্যমন্ত্ৰীক দাবী জনাইছে। আনহাতে ৰাজ্যৰ অন্যান্য কৰ্মচাৰী সকলৰ দৰেই শিক্ষক সকলৰ বছৰেকত আৰ্জিত ছুটী ৩০ দিন কৰাৰ বাবে সন্থাই পূৰ্বৰে পৰা দাবী জনাই আহিছে।
এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰৰ লগত কেইবালানিও আলোচনা হৈছিল। চৰকাৰে এই সন্দৰ্ভত ২১ নৱেম্বৰ ২০২০ ত হোৱা আলোচনা মৰ্মে বৰ্তমানৰ ১০ দিনৰ পৰিৱৰ্তে এই আৰ্জিত ছুটী ২৪ দিন কৰিব পৰা যায় বুলি সিদ্ধান্ত ঘোষণা কৰিছিল।
কিন্তু আজি পৰ্যন্ত এই বিষয়ত চৰকাৰী নিৰ্দেশনা প্ৰকাশ হোৱা নাই। সেয়েহে অসন্তুষ্ট শিক্ষক সমাজৰ এই দাবীক শীঘ্ৰেই কাৰ্যকাৰী ৰূপ দিয়াৰ বাবেও দাবী জনাইছে। সমান্তৰালকৈ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈও দাবী জনাই সন্থায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us