/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3d99c68f-75a1-42b5-8a00-5770486e22c3/ghilamara.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঘিলামৰাত বুধবাৰৰ পৰা আৰম্ভ হয় মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা। ৰাজ্যজুৰি অনুষ্ঠিত ২০২৩-২০২৪ বর্ষৰ ল'ৰাৰ ১৯ বছৰ অনুৰ্দ্ধ সমষ্টি ভিত্তিত এই প্ৰতিযোগিতা ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিতো আৰম্ভ হৈছে।
সমষ্টিটোৰ ঢকুৱাখনা আৰু বগীনদীৰ মধ্যস্থল ঘিলামৰাৰ নগৰ হাইস্কুলৰ খেলপথাৰত বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে উক্ত প্ৰতিযোগিতাখন। ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদৈ মাঝি গাঁও ফুটবল ক্লাব, আনন্দ বাগান ফুটবল দল, চিনাতলী চাহ বাগান আৰু চিয়াজুলী চাহ বাগানকে ধৰি মুঠ ৪টা ফুটবল দলে প্ৰথম দিনৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4e1824de-c836-45dd-ac64-ff8951900a40/7957ed84_8776_4931_8662_58ea2564186b.jpg)
ঘিলামৰা নগৰ হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখন জনাকীৰ্ণ পৰিবেশত শুভ উদ্ধোধন কৰে ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ চমুৱাই। উদ্বোধনী সভাখন সঞ্চালনা কৰে ঘিলামৰা ক্ৰীড়া সন্থাৰ সম্পাদক বিদ্যুৎ কুমাৰ দত্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a382ae4b-c0b8-4131-ae30-860928d41423/7ce2cb49_5d38_46d0_95a9_2c61f2cfd013.jpg)
এই উদ্বোধনী সভাত ভাৰতীয় জনতা পাৰ্টিৰ ঘিলামৰা মণ্ডল উপ-সভাপতি হিৰণ্য হাজৰিকা,সম্পাদক ৰঞ্জিত চেতিয়া,ঢকুৱাখনা মণ্ডল বিজেপিৰ আদিবাসী মৰ্চাৰ সভাপতি মেঘনাদ কিচকুৰ লগতে কেউটা ফুটবল দলৰ প্ৰশিক্ষক,খেল পৰিচালক,ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ লগতে ক্ৰীড়ানুৰাগী ৰাইজ উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে।