২২০ টা হটস্পটঃ জিলা উপায়ুক্তৰে মুখ্যমন্ত্ৰীৰ হ’ব বৈঠক..

২২০ টা হটস্পটঃ জিলা উপায়ুক্তৰে মুখ্যমন্ত্ৰীৰ হ’ব বৈঠক..

author-image
asomiyapratidin
New Update
অসমত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা…

২২০ টা হটস্পটঃ জিলা উপায়ুক্তৰে মুখ্যমন্ত্ৰীৰ হ'ব বৈঠক..

Advertisment

ডিজিটেল ডেস্কঃ ৰাজ্যত ২২০ টা কোৰোনাৰ হটস্পট চিহ্নিত কৰিছে স্বাস্থ্য বিভাগে। এই বিষয়ত জিলা উপায়ুক্তসকলৰ লগত এক ভাৰ্চুৱেল বৈঠকত মলিতি হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকৰ পাছতে ৰাজ্যৰ নতুন এছ অ' পি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।

ক্লিক কৰি পঢ়কঃ কোৰোনাৰ তৃতীয় ঢৌৰ পৰা কিদৰে ৰক্ষা কৰিব আপোনাৰ শিশুক…

মুখ্যমন্ত্ৰী আৰু জিলা উপায়ুক্তৰ বৈঠকৰ পাছতে লকডাউন অথবা কণ্টেইমেণ্ট জ'নৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে।উল্লেখ্য যে কোৰোনাৰ সংক্ৰমণ হ্ৰাস নোহোৱা জিলা কেইখনত লকডাউন ঘোষণা কৰা হ'ব বুলি চৰ্চা চলিছিল যদিও ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে সেয়া নস্যাৎ কৰিছিল। গোলাঘাট, বিশ্বনাথ, কাছাৰ, ডিব্ৰুগড়, তিনিচুকীয়া, শোণিতপুৰ আদি জিলাত কোৰোনাৰ সংক্ৰমণ হ্ৰাস নোপোৱাৰ বাবে কঠোৰ নীতি নিয়ম ঘোষণা কৰিব পাৰে বুলি আশংকা কৰা হৈছে।