অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ, ভূমিৰ অধিকাৰ পাব চাহ বাগিচাৰ লাইনৰ শ্ৰমিকে...

ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ২০০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজক তেওঁলোকৰ অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

author-image
Asomiya Pratidin
New Update
অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ, ভূমিৰ অধিকাৰ পাব চাহ বাগিচাৰ লাইনৰ শ্ৰমিকে...

ডিজিটেল ডেস্কঃ ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ২০০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজক তেওঁলোকৰ অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানতে তেওঁ এক ঐতিহাসিক ঘোষণাও কৰে।

Advertisment

২০০ বছৰ ধৰি চাহ বাগিচাত কাম কৰি অহা শ্ৰমিকসকলে আজিও ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। বাগানৰ মালিকৰ ভূমিতে বাস কৰা এইসকল লোকে নিজা ভূমি নথকাৰ বাবে নানান সমস্যাৰো সন্মুখীন হৈ আহিছিল।

এই লোকসকলৰ এক দীঘলীয়া দাবী আছিল ভূমিৰ অধিকাৰ। এই অধিকাৰ বিচাৰি জনগোষ্ঠীটোৱে সংগ্ৰামো কৰি আহিছিল। সেই সংগ্ৰামৰ স্বীকৃতি পোৱাৰ পাৰম্ভিক প্ৰতিশ্ৰুতি আজি লাভ কৰিলে চাহ জনগোষ্ঠীয় লোকসকলে।

মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিলে চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিজন শ্ৰমিকে লাভ কৰিব ভূমিৰ অধিকাৰ। নিজৰ ভাষণত তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ জনতাক সন্মুখত লৈ তেওঁ প্ৰতিশ্ৰুতি দিছো, সময়ৰ লগত আপোনালোকৰ লগত আমি একেলগে কাম কৰি অসমৰ চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিগৰাকী চাহ শ্ৰমিকক সেই মাটিৰ অধিকাৰ প্ৰদান কৰিম। চাহ বাগিচাৰ লাইনৰ মাটি চাহ বাগিচা সম্প্ৰদায়ৰ হব।

মুখ্যমন্ত্ৰীৰ এই ঘোষণা আন ঘোষণাৰ দৰে সাধাৰণ ঘোষণা নহয়। এই ঘোষণাই ২০০ বছৰ ধৰি শোষণ, অৱদমন আৰু বঞ্চনাৰ বলি হৈ অহা এই লোকসকলক কিছু পৰিমাণে এই যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিলে।

মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত চাহ জনগোষ্ঠীৰ বাবে গ্ৰহণ কৰা আন কেতবোৰ পদক্ষেপৰ কথাও ঘোষণা কৰিছে। তেওঁ কয়, চাহ বাগিচাৰ যুৱক-যুৱতীৰ বাবে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। চাহ বাগানত ১০০ খন আদৰ্শ হাইস্কুল নিৰ্মাণ কৰা হৈছে। ৩০০ তকৈ অধিক আয়ুষ্মাণ আৰোগ্য মন্দিৰো নিৰ্মাণৰ কথাও কলে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত। অৱশ্যে জনগোষ্ঠীটোৰ জনজাতিকৰণৰ প্ৰসংগত তেওঁ কোনো কথা উল্লেখ নকৰিলে।  

 

চাহ বাগিচা ড০ হিমন্ত বিশ্ব শৰ্মা চাহ জনগোষ্ঠী