/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/7ac01ad9-bfc1-4d18-9766-0c5e48f420d8/377.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : অষ্টাদশ লোকসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বত বিজেপি নেতৃতাধীন এন ডি এই অসমত অভিলেখ সংখ্যক ১১খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিগত চাৰি-পাঁচটা দশকত কোনো দল বা মৰ্চাই ৰাজ্যখনত এনে অভূতপূৰ্ব সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f102bd6c-8035-4015-b87f-5bbc7c21e104/3a41e496-0ebe-4423-af0d-1191fa61d3d8.jpg)
এই নিৰ্বাচনত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দলক সন্মুখৰ পৰা নেতৃত্ব দি এই বিৰল সাফল্য প্ৰদান কৰিবলৈ সমৰ্থ হৈছে ৷ অসমৰ সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক ইতিহাসত ৰাজ্যৰ ১৪খন লোকসভা আসনৰ ১১খনেই দখলৰ এই অভিনৱ অভিলেখে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ দক্ষতা আৰু ৰাজনৈতিক বিচক্ষণতাকে প্ৰত্যক্ষভাৱে প্ৰতিফলিত কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/db059b43-3b78-43bb-9794-427c0b20d979/a7f47852-0b5b-44f0-8d67-f9ab472a5be7.jpg)
নিৰ্বাচনৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অসমত ১০০ৰো অধিক বিধানসভা সমষ্টিত শতাধিক নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশ লোৱাৰ লগতে দেশৰ অনান্য ৰাজ্যতো অৰ্ধশতাধিক নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশ লয় ৷ নিৰ্বাচনী প্ৰচাৰকালত, ৬০ দিনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৯খন ৰাজ্যত মুঠ ১৭১খন নিৰ্বাচনী প্ৰচাৰ সভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e959e2d6-eede-4913-8aa5-3d0c641e9dde/c37e4eaf-640a-4ed8-80cf-4e3636902257.jpg)
ইয়াৰ ভিতৰত ১৪৯ খন নিৰ্বাচনী সভা, ১৬ টা ৰোড শ্ব’ আৰু ৯ টা মনোনয়ন পত্ৰ প্ৰদান কাৰ্যসূচী ৷ অসমত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ওড়িশা, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, দিল্লী, কেৰেলা, পঞ্জাৱ, অৰুণাচল প্ৰদেশ আদি বহুকেইখন ৰাজ্যত ৪৮ খন নিৰ্বাচনী সভাত অংশ লৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/863d14a6-65fb-4335-a311-7275156dfbb4/80703a5b-f2f8-45c1-b4aa-77201c582c32.jpg)
একেদৰে ৭ টা ৰোড শ্ব’কে ধৰি বিভিন্ন নিৰ্বাচনী কাৰ্যসূচীত ভাগ লৈছিল ড০ শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ওড়িশাত ২২ খন নিৰ্বাচনী সভা তথা ৰোড শ্ব’, পশ্চিমবংগত ১২ খন, বিহাৰত ৫ খন, ঝাৰখণ্ডত ৫ খন আৰু দিল্লীত ৪ খন নিৰ্বাচনী সভা তথা ৰোড শ্ব’ত অংশ লৈছিল ৷ উল্লেখ্য যে ওড়িশাত নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ শৰ্মাক বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3e5b5862-9e09-4bdf-ae6d-770499dd46f9/62a07e47-df80-4703-afcd-215ba4a7306e.jpg)
লগতে ৰাজ্যখনত বিজেপিয়ে লাভ কৰা অভাৱনীয় নিৰ্বাচনী সাফল্যৰ ক্ষেত্ৰত বিজেপি নেতৃত্বই ড॰ শৰ্মাক বিশেষভাৱে কৃতিত্ব প্ৰদান কৰিছিল ৷ ওড়িশাৰ লগতে দিল্লী, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আদিতো মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰচাৰ চলোৱা প্ৰায়বোৰ সমষ্টিতে বিজেপি তথা এন ডি এ মৰ্চাই বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷
এনে পটভূমিত ৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব ক্ৰমাৎ ব্যাপকভাৱে বৃদ্ধি পাইছে ৷ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ দক্ষতা আৰু বিচক্ষণতা অনুধাৱন কৰিয়েই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন ৰণ কৌশল আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ড॰ শৰ্মাক বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a1208ae4-5a74-4957-bcd2-e30df4c760c8/fcb7a760-3796-4563-816d-afabbdf5a072.jpg)
বিশেষকৈ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অৰ্জন কৰা সফলতাৰ পিছত দলৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত ড॰ শৰ্মাৰ গুৰুত্ব ব্যাপকভাৱে বৃদ্ধি পাইছে ৷ এন ডি এৰ অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও মুখ্যমন্ত্ৰী ড॰ শৰ্মাক নিৰ্বাচনী সাফল্যৰ বাবে ব্যাপক অভিনন্দন জনোৱা বিষয়টোৱে ৰাষ্ট্ৰীয় ৰাজনীতিত ড॰ শৰ্মাৰ ক্ৰমবদ্ধিৰ্ত প্ৰভাৱ আৰু গুৰুত্বকে প্ৰতিপন্ন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4f24ef73-9c43-4a54-b9bc-246ec51c2c97/8807a72c-572e-4a89-af9d-784edf493c37.jpg)
শেহতীয়াকৈ দিল্লী ভ্ৰমণৰ সময়ছোৱাত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড॰ মোহন যাদৱ আদিয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক সাক্ষাত কৰি অভিনন্দন জনোৱা বিষয়টোৱে ৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটত ক্ৰমবদ্ধিৰ্ত গুৰুত্বকে প্ৰতিফলিত কৰিছে ৷ বিজেপি দলৰ চালিকা ৰূপে খ্যাত অমিত শ্বাহৰ দৰে বিচক্ষণ প্ৰভাৱশালী নেতা থকাৰ পিছতো ড° হিমন্ত বিশ্ব শৰ্মাক এইবেলি ভাৰতীয় লোকসভাৰ নিৰ্বাচনত সমগ্ৰ দেশত প্রধান সেনাপতিৰ দৰে ভূমিকা ল'বলৈ আগবঢ়াই দিয়াটো ৰাজ্যখনৰ বাবে উল্লেখনীয় বিষয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9d498ca8-9707-4761-9c73-bc67edd886f2/0e9f7060-6150-4d1c-be8b-1c1bff3c87d7.jpg)
প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ দৰে ড° হিমন্ত বিশ্ব শৰ্মাৰ দেশৰ সকলো ৰাজ্যতে অনুষ্ঠিত হোৱা নির্বাচনী সভাত জনতাৰ সমৰ্থন আছিল চকুত লগা। ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন অসমীয়াৰ যাদুকৰী ব্যক্তিত্বই সমগ্ৰ ভাৰতবাসীক ক্ৰমান্বয়ে আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা বিষয়টোৱেও যথেষ্ট তাৎপৰ্য বহন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ec61507b-3bc0-4c5d-a3a6-bf4e8f4d46de/c68c7489-ae47-43d8-8e87-ea50ddd26bd6.jpg)
ইয়াৰ উপৰি প্ৰায়ভাগ ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম তথা টিভি চেনেলসমূহে মুখ্যমন্ত্ৰী ড০ শৰ্মাক ষ্টুডিঅ’লৈ নিমন্ত্ৰণ কৰি সাক্ষাৎকাৰ গ্ৰহণ কৰা বিষয়টোৱে মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তাকে প্ৰতিপন্ন কৰে। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় ৰাজনীতিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰতি যিধৰণৰ গুৰুত্ব লাভ কৰিছে, তাকে লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে চৰ্চা কৰা পৰিলক্ষিত হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়খন চৰকাৰ গঠনৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ প্ৰভাৱ আৰু গুৰুত্ব স্পষ্টভাৱে অনুভূত হয় ৷ মোদী মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তি স্বাভাৱিক আৰু প্ৰত্যাশিত আছিল যদিও কেন্দ্ৰীয় মন্ত্ৰীসভাত পৱিত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্ভুক্তিয়ে দিল্লী মহলত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ ক্ৰমবদ্ধিৰ্ত প্ৰভাৱৰে স্পষ্ট ইংগিত বহন কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3b63e0cf-aa8f-451b-83f5-07a40a4efdbd/70052e85-df48-4c17-9208-53363260f59c.jpg)
ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ বিশেষ ঘনিষ্ঠ বুলিয়েই পৰিচিত ৷ তেনেক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীসভাত মাৰ্ঘেৰিটাৰ অন্তৰ্ভুক্তিয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ বিশেষ ৰাজনৈতিক দক্ষতা আৰু গুৰুত্বকে প্ৰতিপন্ন কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে ৷
Also Read: নাথাকিবও পাৰে মা কামাখ্যা !