মুখ্যমন্ত্ৰী ভ্ৰষ্টাচাৰী ,ভয় খাইছেঃ ৰাহুল গান্ধী

মুখ্যমন্ত্ৰী ভ্ৰষ্টাচাৰী ,ভয় খাইছেঃ ৰাহুল গান্ধী

ডিজিটেল সংবাদ, লখিমপুৰঃ অৰুণাচল প্ৰদেশত বিপুল জনসমৰ্থন লৈ ৰাহুল গান্ধী ভাৰত জোড়ো ন্যায় যাত্ৰাৰ চতুৰ্থটো দিনত ৰবিবাৰে গহপুৰত ভৰি দিয়ে ৰাহুল গান্ধীয়ে । পুৱা ৮ বজাত গহপুৰ হোলেঙ্গি গেটত উপস্থিত হোৱাৰ লগে-লগেই কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া সকলক বিপুল জনসমাগমেৰে আদৰণি জনায় শাসকীয় বিজেপি চৰকাৰৰ তথা বিজেপি দলৰ লগতে শাসন যন্ত্ৰ প্ৰৱল বাধাকো নেওচি ৰাহুল গান্ধী লগতে টিম নিখিল ভাৰত কংগ্ৰেছ কমিটীক জনতাই জাপি , ফুলাম গামোচা,ফুলৰ ঠুপাৰে সম্ভাষণ জনাই পঞ্চমটো দিনৰ যাত্ৰাৰ বাবে অসমলৈ স্বাগতম জনায় ।

বিজেপি শাসিত আন ৰাজ্যৰ তুলনাত ৰাহুল গান্ধী ভাৰত জোড়ো ন্যায় যাত্ৰাই প্ৰত্যাৱানৰ সন্মুখীন হোৱা বুলি ব্যক্ত কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ হৈ পদযাত্ৰাৰ ৰো'ড মেপ তৈয়াৰ কৰা সৰ্বভাৰতীয় কংগ্ৰেছ নেতা কে'চি বেনুগোপাল,জয় ৰাম ৰমেশ,বিকাশ উপাধ্যক্ষ আদি সকলে। পুৱা ৮ বজাত অসম অৰুণাচল সীমান্ত হলেঙিত উপস্থিত হৈ ৰাজগড়ত ১৫ টা বিৰোধী দলৰ এক বৈঠকত ভাগ লয় ৰাহুল গান্ধীয়ে । এই বৈঠকতে আগন্তুক দিনৰ লোকসভা নিৰ্বাচনৰ ৰণ নীতি সন্দৰ্ভত কিছু আভাস দিয়ে ৰাহুল গান্ধীয়ে ।

নিৰ্বাচনৰ ৰণনীতি ,ভোটাৰক আকৃষ্ট কৰা ইছ্যু সমূহৰ ওপৰত প্ৰায় ৪৫ মিনিটত সময় ধৰি বক্তৃতা আগবঢ়ায় ৰাহুল গান্ধীয়ে। বৈঠকত অখিল গগৈ,লুৰিণ জ্যোতি গগৈকে প্ৰমুখ্য কৰি ১৫ টা দলৰ নেতা সকল উপস্থিত থাকে। ইয়াৰ পিছতেই ৰাহুল গান্ধীয়ে লগত লৈ অহা কন্টেনাৰ বাছত উঠি গহপুৰ অভিমুখে ৰাওনা হয়। গহপুৰত স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কনকলতা বৰুৱা মুকুন্দ কাকতি প্ৰতিমূৰ্ত্তিত মাল্য অৰ্পণ কৰে।

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত সেৱা জনাই অসমীয়া প্ৰতিদিনক ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বেনাৰ পোষ্টাৰ ফলাৰ সন্দৰ্ভত কয় “অসমৰ মুখ্যমন্ত্ৰী ভ্ৰষ্টাচাৰী। ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ ভয় খাইছে আৰু জনতাৰ সমৰ্থন দেখি ভয় খাইছে। ”আনহাতে অসমীয়া প্ৰতিদিনৰ এক আছুতীয়া সাক্ষাৎকাৰত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অন্যতম নিদেৰ্শক সৱভাৰতীয় কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী জয় ৰাম ৰমেশে “ কয় মুখ্যমন্ত্ৰী বহুত চিন্তিত হৈছে। জনতাৰ অভূতপূৰ্ব সঁহাৰিক লৈ তেওঁ কিবা নহয় কিবা বাহানা উলিয়াইছে এই যাত্ৰাক বিফল কৰিবলৈ। কিন্তু আমি আমাৰ কাৰ্যক্ৰম মতেই ভাৰত জোড়ো ন্যায় যাত্ৰা ওলিয়াম।এয়া হ'ল এক গণতান্ত্ৰিক প্ৰক্ৰিয়া ,ইয়াক কোনেও বাধা দিব নোৱাৰে। আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যাত্ৰা আৰম্ভ কৰিছোঁ। গুৱাহাটী প্ৰেছ ক্লাবৰ ৰাহুল গান্ধীৰ প্ৰতি আমন্ত্ৰণ আছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোক যাব নোৱাৰে ,এয়া কেনে গণতন্ত্ৰ? মই জানো মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, অশান্তি পাইছে। আপুনি ভয় খাব নালাগে অশান্তিও পাব নালাগে৷ আমি অসমত পাঁচ দিনৰ কাৰ্যসূচী সফল ৰূপায়ন কৰিম আৰু জে পি নাড্ডা যোৱা পথেৰে আমি যাত্ৰা কৰিম ।

স্মৰ্তব্য যে ৰাহুল গান্ধীৰ আগমন প্ৰাক মুহূৰ্তত আজি গহপুৰত সকলো বজাৰ সমাৰ বন্ধ থাকে। বন্ধ দিনটো পঞ্চায়তৰ কাৰ্যালয় সমূহত চৰকাৰী হিতাধিকাৰী সকলক ফৰ্ম দিয়া হয় ।পেট্ৰল ডিপু সমুহ বন্ধ কৰি ৰখা হয় । এক প্ৰকাৰে চৰকাৰৰ হস্তক্ষেপত গহপুৰ, বিশ্বনাথ, বৰগাং আদি অঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰাৰ অভিযোগ উত্থাপিত কৰে কংগ্ৰেছজী সকলে ।

মুখ্যমন্ত্ৰী ভ্ৰষ্টাচাৰী ,ভয় খাইছেঃ ৰাহুল গান্ধী
ৰাম-ৰাম-ৰাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in