চিডলীত বিধায়কৰ আৰ্থিক সাহাৰ্য: প্ৰদান কৰিলে শতাধিক লোকক চেক...

চিডলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা স্বাস্থ্য আৰু শিক্ষাৰ বাবে চেক বিতৰণ...

author-image
Asomiya Pratidin
New Update
চিডলীত বিধায়কৰ আৰ্থিক সাহাৰ্য: প্ৰদান কৰিলে শতাধিক লোকক চেক...

ডিজিটেল সংবাদ, শান্তিপুৰ : শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী সকলক আৰ্থিক সাহাৰ্য আৰু ৰুগীয়া লোকক স্বাস্থ্যৰ সেৱাৰ উদ্দেশ্যে দেওবাৰে চিৰাং জিলাৰ চিডলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে চিডলীত আৰ্থিক সাহাৰ্য প্ৰদান কৰে। বিধানসভা সমষ্টিটোৰ অন্তৰ্গত ১৪ নং চিৰাং দুৱাৰ ব্লক ইউপিপিএল দলৰ কাৰ্যালয়ত শিক্ষাৰ ক্ষেত্ৰত প্ৰতিজন ছাত্ৰ-ছাত্ৰীক পাঁচ হাজাৰকৈ টকাৰ চেক মুঠ ৩৫ জন ছাত্ৰ-ছাত্ৰী প্ৰদান কৰে।

আনহাতে স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰতিজন লোকক দহ হাজাৰ টকাৰ চেক মুঠ ৭৬ জন লোকক চেক প্ৰদান কৰে। দেওবাৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ১৪ নং চিৰাং দুৱাৰ ব্লক ইউপিপিএল দলৰ সভাপতি বিৰদাও মুছাহাৰী , সাধাৰণ সম্পাদক নিখিল বৰগয়াৰী আৰু ইউপিপিএল দলৰ বহু নেতা-কৰ্মী সকল ।

Also Read: হিন্দু ধৰ্ম আৰু গেৰুৱা ৰঙৰ প্ৰাধান্যতা...

mla