/asomiyapratidin/media/media_files/2025/03/04/qOrNAWxOCuz31ghtgOse.png)
নিচাযুক্ত দ্ৰব্য জব্দ
ডিজিটেল সংবাদ, জামুগুৰিহাট: অসম অৰুণাচল সীমান্তৰ ভালুকপুঙত আটক কৰা হৈছে এজন নিচাযুক্ত দ্ৰব্য জব্দ সৰবৰাহকাৰীক। চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীটোক। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীটোৰ নাম অপু গিয়াদি। অৰুণাচল প্ৰদেশৰ চিজুছাৰ বাসিন্দা অপু গিয়াদি নামৰ সৰবৰাহকাৰীটোৱে ভালুকপুঙত ভাৰাঘৰত থাকি বহুদিনৰে পৰা কৰি আহিছিল নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ। আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত ভাৰাঘৰত অভিযান চলাই নিচাযুক্ত দ্ৰব্যসহ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয়। জব্দকৃত নিচাযুক্ত দ্ৰব্যৰখিনিৰ মূল্য প্ৰায় ৫০,০০০ টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছ।
চাৰিদুৱাৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী আপু গিয়াদিক মাৰথান জেৰাৰ চলাই গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে৷