চৰাইদেউত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু-যুৱ-আই মাতৃ সমাৰোহৰ লাইখুঁটা স্থাপন...

নৱেম্বৰ মাহৰ ৪,৫,আৰু ৬ তাৰিখে তিনিদিন ধৰি অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠানটি

author-image
Asomiya Pratidin
New Update
চৰাইদেউত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু-যুৱ-আই মাতৃ সমাৰোহৰ লাইখুঁটা স্থাপন...

sankardev sangha

ডিজিটেল সংবাদ,চৰাইদেউঃ অসমৰ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৯তম শিশু, যুৱ, আইমাতৃ সমাৰোহ অনুষ্ঠানটি ২০২২ বৰ্ষত চৰাইদেউ জিলাৰ সাপেখাতীত অনুষ্ঠিত কৰা হ'ব।

Advertisment

নৱেম্বৰ মাহৰ ৪,৫,আৰু ৬ তাৰিখে অনুষ্ঠিত হ'বলগা অনুষ্ঠানটিৰ শনিবাৰে লাইখুটা স্থাপন কৰে সাপেখাতী সুকুমাৰ বৰুৱা আৰু শিৱ প্ৰসাদ বৰুৱা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা সমিতি উদ্যোগত আয়োজিত অনুষ্ঠানটোৰ লাইখুটা স্থাপনস্থলীত ভিন্ন স্থানৰ পৰা অহা সেৱাবাহিনীৰ লগতে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তপন কুমাৰ গগৈ উপস্থিত থাকে।

assam sivsagar charideo