/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e513e939-5ac0-46f0-96f0-e285dd5dbde3/797c08c8-578c-46ee-87b3-1b500e0721e2.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ ইউনেস্ক'ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হোৱা সময়তে বৃহস্পতিবাৰে মৈডাম প্ৰাঙ্গনত স্থানীয় ৰাইজে সমূহীয়াভাৱে প্ৰাৰ্থনা জনায় ৷
এই উপলক্ষে পুৱা চাও চি ৰেন গৃহত বন্তি প্ৰজ্বলন কৰি চৰাইদেউ মৈডামক্ষেত্ৰই বিশ্ব ঐতিহ্য থলীৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত যাতে কোনো বাধা বিঘিনি নাহে তাৰ বাবে মৈদামক্ষেত্ৰত উপৰি পুৰুষৰ ওচৰত আশীষ বিচাৰি সেৱা জনাই৷ এই কাৰ্যসূচীত স্থানীয় বাসিন্দা তথা সোণাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু ৰাইজে অংশগ্ৰহণ কৰে ৷
উল্লেখযোগ্য যে অহা২১ জুলাইৰ পৰা ৩১ জুলাইৰ ভিতৰত নতুন দিল্লীত ইউনেস্কৰ বিশ্ব ঐতিহ্য কমিটিৰ ৪৬ সংখ্যক অধিবেশন অনুষ্ঠিত হব। উক্ত অধিবেশনতেই ভাৰত চৰকাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে মনোনীত কৰা ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য স্থান হিচাপে স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা স্পষ্ট পৰিছে।