বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ দিশে আহোম স্বৰ্গদেউৰ মৈদাম...

author-image
Asomiya Pratidin
New Update
বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ দিশে আহোম স্বৰ্গদেউৰ মৈদাম...

ডিজিটেল ডেস্ক : বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰূপে স্বীকৃতিৰ দিশে অগ্ৰসৰ হৈছে চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদাম । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইউনেস্ক'লৈ চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিবলৈ মনোনয়ন প্ৰেৰণৰ ব্যৱস্থা কৰিছে ।

Advertisment

শনিবাৰে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । জনতা ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, "চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিবলৈ আমি চেষ্টা চলাই আহিছিলো । ২০১৪ চনত প্ৰথমবাৰৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিলো ।"

আনহ‍াতে নিশাই পেৰিছলৈ মনোনয়ন প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে যে, ছেপ্টেম্বৰত অসমলৈ ইউনেস্ক'ৰ দল আহি আৰু ২০২৪ বৰ্ষৰ মাৰ্চ মাহত সিদ্ধান্ত ল'ব ।

উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৫২ টা প্ৰস্তাৱ আহিছিল । তাৰ মাজৰ পৰা চাৰিটা ক্ষেত্ৰত বাছনি কৰা হৈছিল আৰু অৱশেষত চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিবলৈ মনোনয়ন প্ৰেৰণৰ সিদ্ধান্ত লোৱা হয় । ইউনেস্ক'ৰ সদস্য ৰাষ্ট্ৰ হিচাপে এখন দেশে মাথোঁ এখন মনোনয়নহে প্ৰেৰণ কৰিব পাৰে । গতিকে এইবাৰ ভাৰত চৰকাৰে চৰাইদেউৰ মৈদামক বাছনি কৰিছে ।

মুখ্যমন্ত্ৰী গৰাকীৰ ভাষ্য অনুসৰি, দেশৰ ৪০ টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত ৩২ টা ক্ষেত্ৰ সাংস্কৃতিক ক্ষেত্ৰ হিচাপে স্বীকৃতি হোৱাৰ সমান্তৰালকৈ সাতটা ক্ষেত্ৰ প্ৰাকৃতিক ক্ষেত্ৰ হিচাপে আৰু এটা মিশ্ৰিত ক্ষেত্ৰৰূপে স্বীকৃত হৈছে । প্ৰাকৃতিক ক্ষেত্ৰৰ মাজত আছে অসমৰ কাজিৰঙা আৰু মানস । চৰাইদেউৰ মৈদামক সাংস্কৃতিক ক্ষেত্ৰ ৰূপে স্বীকৃতি প্ৰদান কৰা হ'ব । 

charaideu HIMANATA BISWA SARMA