গান্ধী জয়ন্তী উপলক্ষে চৰাইদেউত চাফাই অভিযান...

গান্ধী জয়ন্তী উপলক্ষে ঐতিহাসিক চৰাইদেউ মৈদাম থলীৰ প্ৰাঙ্গনত চাফাই অভিযান

author-image
Asomiya Pratidin
New Update
গান্ধী জয়ন্তী উপলক্ষে চৰাইদেউত চাফাই অভিযান...

charaideo safai abhiyan

ডিজিটেল সংবাদ, চৰাইদেউঃ দেওবাৰে গান্ধী জয়ন্তী উপলক্ষে ঐতিহাসিক চৰাইদেউ মৈদাম থলীৰ প্ৰাঙ্গনত এক চাফাই অভিযান চলায়। চাওঁচেং চুকাফা গ্ৰাম্য সংগঠনৰ উদ্যোগত এই চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

Advertisment

পুৱাই গ্ৰাম্য সংগঠনৰ মহিলা সকলে হাতে হাতে ঝাড়ু লৈ অঞ্চলটোৰ আশে-পাশে থকা বাটপথৰ লগতে মৈদাম ক্ষেত্ৰত প্ৰাংগণত আৰু প্ৰৱেশ পথটো চাফ-চিকুন কৰে।

এই কাৰ্যসূচীত গ্ৰাম্য সংগঠনটোৰ অধীনস্থ আত্মসাহায়ক গোটৰ মহিলা সদস্য সকলেও অংশ গ্ৰহণ কৰে।

assam charaideo sivsagar