/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/accident-3.jpg)
ডিজিটেল সংবাদ, চৰাইদেউ: চৰাইদেউ জিলাৰ মথুৰাপুৰ মাজগাঁও ধোদৰ আলিৰ ওপৰত শুকুৰবাৰে সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত। দুৰ্ঘটনাটোত জুমাউদ্দিন আলি(৫৫) নামৰ এজন লোক মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷
মথুৰাপুৰ সদৰ তিনিআলিৰ পৰা ব্যক্তিজনে এখন চাইকেলৰে নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত এখন মটৰ চাইকেলে খুণ্ডা মাৰি চোচৰাই নিয়া ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ পাছত ততাতৈয়াকৈ স্থানীয় লোকে সোণাৰি ৰজাপুখুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…