মথুৰাপুৰত বিভিন্ন মাংগলিক কাৰ্যসূচীৰে চড়ক পূজা উদযাপন…

মথুৰাপুৰত বিভিন্ন মাংগলিক কাৰ্যসূচীৰে চড়ক পূজা উদযাপন…

author-image
asomiyapratidin
New Update
মথুৰাপুৰত বিভিন্ন মাংগলিক কাৰ্যসূচীৰে  চড়ক পূজা উদযাপন…

ডিজিটেল সংবাদ,চৰাইদেউঃ অতিকৈ হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ-উল্লাসত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে বৃহস্পতিবাৰে গৰু বিহুৰ দিনা ৰাজ্যখনৰ ভিন্ন প্ৰান্তত লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাৰ চাহ সম্প্ৰদায় একাংশ লোকে ধৰ্মীয় ৰীতি-নীতিৰে সহস্ৰাধিক ভক্ত উপস্থিতি উলহ-মালহৰে উদযাপন কৰিলে চড়ক পূঁজা।

Advertisment

মথুৰাপুৰ ৰাজহুৱা পূজা ফিল্ড অনুষ্ঠিত এই চড়ক পূজাৰ অলৌকিক কাণ্ড উপভোগ কৰে শ শ লোকে। উল্লেখ্য যে প্ৰতিবছৰে গৰু বিহুৰ দিনাই পালন কৰা এই পূজা ভাগ সম্পূৰ্ণ এমাহ কঠোৰ সাধনা তথা ব্ৰতত থাকি শিৱভক্ত সকলে পালন কৰে এই পূজা।

এই এমাহ সাধনাৰ ফলত তেওঁলোকে লাভ কৰে এক ঐশ্বৰিক শক্তি। যি শক্তিৰ বলত ব্ৰত তথা সাধনা কৰা লোকসকলে জ্বলন্ত জুইৰ ওপৰেৰে খোজ কাঢ়ি পাৰ হোৱা, জলন্ত লোৰ জোঙা অস্ত্ৰৰে শৰীৰৰ বিভিন্ন অংশ ফুটা কৰি ইপাৰ সিপাৰ কৰা, দাৰ ওপৰত জঁপিয়াই জঁপিয়াই নৃত্য কৰা, আদি বিভিন্ন শিহৰনকাৰী অদ্ভুত ক্ৰীড়া কৌশল দেখুৱাবলৈ সক্ষম হয়।

তদুপৰি অসম্ভবকো সম্ভৱ কৰি উপস্থিত হাজাৰ হাজাৰ ৰাইজক বিশ্বাস আৰু অবিশ্বাসৰ আলি দোমোজাত ৰাখি প্ৰায় ত্ৰিছ ফুট উচ্চতাত এক ঘুৰি থকা চড়কত (চকৰী) বৰশীৰ সহায়ত পিঠিৰ চাল ফুটোৱাই ওলমি থকা অত্যন্ত দু:সাহসিক ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰি উপস্থিত হাজাৰ হাজাৰ ৰাইজক হতভম্ব কৰা পৰিলক্ষিত হয়।

আৰু পঢ়ক: সোণাপুৰত কিশোৰীৰ ৰহস্যজনক মৃত্যু…

assam charaideo