বিভিন্ন দাবীৰে চাওতাল ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

বিভিন্ন দাবীৰে চাওতাল ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

author-image
asomiyapratidin
New Update
বিভিন্ন দাবীৰে চাওতাল ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, সাপেখাতী: চৰাইদেউ সাপেখাতীত উত্তাল প্ৰতিবাদ চাওতাল ছাত্ৰ সন্থাৰ ৷ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীক সংবিধানৰ ৩৪২ অনুচ্ছেদ অনুসৰি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰা , অসমৰ অষ্টিকমূলৰ চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী নামেৰে নামাকৰণ কৰা বন্ধ কৰক আৰু অসমত চাওতালী ভাষাৰ শিক্ষক নিযুক্তি প্ৰদান কৰাকে আদি কৰি বিভিন্ন দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷

সদৌ চাওতাল ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চাওতালী সমূহ দল সংগঠনৰ সহযোগত প্ৰতিকূল বতৰকো নেওচি চাইকেল , বাইক আৰু গাড়ীৰে কেইবা সহশ্ৰাধিক প্ৰতিবাদ কাৰীয়ে বিভিন্ন শ্ল'গান দি কঁপাই তুলে ৰাজপথ ৷

প্ৰতিবাদকাৰীসকলে বৰহাটৰ পৰা ৰেলীৰ শুভাৰম্ভণি কৰি ঐতিহাসিক ধোদৰআলি হৈ সাপেখাতীৰ মাজ মজিয়াই দি শোভাযাত্ৰা বাহিৰ কৰি সোণাৰিলৈ প্ৰতিবাদী ৰেলী বাহিৰ কৰে ৷

আৰু পঢ়ক: কৃত্ৰিম বানত  জলমগ্ন সাৰ উদ্যোগৰ আবাসিক এলেকা…

assam protest