দ'লবাগান উঃমাঃ বিদ্যালয়ৰ শতবাৰ্ষিকীৰ তোৰণ উদ্বোধন অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া...

তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে গৌৰৱোজ্জ্বল শতবৰ্ষৰ সামৰণি অনুষ্ঠান উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে

author-image
Asomiya Pratidin
New Update
দ'লবাগান উঃমাঃ বিদ্যালয়ৰ শতবাৰ্ষিকীৰ তোৰণ উদ্বোধন অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া...

nitumoni saikia

ডিজিটেল সংবাদ, চৰাইদেউঃ অবিভক্ত শিৱসাগৰ জিলাৰ ঐতিহাসিক চৰাইদেউ পৰ্ব্বতৰ নামনিত ধোদৰ আলিৰ কাষত বৃটিছ আমোলত প্রতিষ্ঠিত হোৱা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অহা ৪, ৫ আৰু ৬ নৱেম্বৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে গৌৰৱোজ্জ্বল শতবৰ্ষৰ সামৰণি অনুষ্ঠান উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে ৷ 

Advertisment

শতবৰ্ষ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দেওবাৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে নিৰ্মাণ কৰি উলিওৱা নৱনিৰ্মিত তোৰণখন অনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াইৰ উপস্থিতিত প্ৰাক্তন ছাত্ৰ অনুজ বৰকটকীয়ে উন্মোচন কৰে তোৰণখন ৷

উল্লেখ যে, নিজে পঢ়ি অহা বিদ্যালয়খনৰ প্ৰতি থকা অকুণ্ঠ মৰম আৰু সদ্দিচ্ছাৰ বাবেই একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নিজেই উদ্যোগ লৈ বিদ্যালয়খৰ বাবে আগবাঢ়ি ওলাই  আহিছে । তেনে এক শুভ চিন্তাৰ ফলতেই বিদ্যালয়ৰ ১৯৮৯-৯১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ  প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সকলে মিলি নিজৰ উপাৰ্জনৰ অংশৰে  বিদ্যালয়ৰ সন্মুখত স্থায়ীকৈ এখনি তোৰণ সাজি উলিয়াইছে ৷ 

assam nitumani saikia charaideo