আজিৰে পৰা চৰাইদেউ প্ৰত্নতাত্বিক স্থানত ‘বিশ্ব ঐতিহ্য সপ্তাহ ২০২৩’ আৰম্ভ

আজিৰে পৰা চৰাইদেউ প্ৰত্নতাত্বিক স্থানত ‘বিশ্ব ঐতিহ্য সপ্তাহ ২০২৩’ আৰম্ভ

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা  চৰাইদেউ প্ৰত্নতাত্বিক স্থানত ‘বিশ্ব ঐতিহ্য সপ্তাহ ২০২৩’ আৰম্ভ

ডিজিটেল সংবাদ,চৰাইদেউঃ দেওবাৰৰ পৰা ঐতিহাসিক চৰাইদেউ প্ৰত্নতাত্বিক স্থানত আৰম্ভ হৈছে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৩ ৷ অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতি, চৰাইদেউৰ সহযোগত আজিৰে পৰা ২৫ নৱেম্বৰলৈ ঐতিহাসিক চৰাইদেউত ‘বিশ্ব ঐতিহ্য সপ্তাহ ২০২৩’ অনুষ্ঠিত হ'ব ।

Advertisment

এই উপলক্ষে পুৱা বালি মৈদামৰ পৰা চৰাইদেউ মৈদামলৈ ঐতিহ্য যাত্রা বাহিৰ কৰা হয়। দুপৰীয়া চৰাইদেউ পর্যটন ভৱনত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত মন্ত্ৰী যোগেন মহন মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকি ভাষণ আগবঢ়াব। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখিব শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ আৰু চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে।

Also Read: পাটছাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...