৩ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হ'ব চৰাইদেউ মহোৎসৱ-২০২৪

৩ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হ'ব চৰাইদেউ মহোৎসৱ-২০২৪

ডিজিটেল সংবাদ, চৰাইদেউঃ আহোমৰ প্রথমখন স্থায়ী ৰাজধানী চৰাইদেৱে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত অন্তর্ভুক্তিৰ দিশে আগবঢ়াৰ সময়তে অহা ৫, ৬ আৰু ৭ জানুৱাৰীত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হ'ব চৰাইদেউ মহোৎসৱ-২০২৪। এইবাৰৰ মহোৎসৱত গ্রন্থমেলাৰ সমান্তৰালকৈ বৰ অসমৰ স্রষ্টা চাওলুং চ্যুকাফাৰ বৃহৎ শাসন ব্যবস্থাৰ প্রতীকী উপস্থাপন কৰাৰ উপৰি অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সম্ভাৰ, সাজ-পাৰ আদি প্ৰদৰ্শনৰ লগতে চুবুৰীয়া বিভিন্ন ৰাজ্যৰ কলা-কৃষ্টিক বিশেষভাবে প্রদর্শনৰ ব্যবস্থা থাকিব।

মূলতঃ এইবাৰৰ মহোৎসৱত কাৰ্যসূচীৰে সৈতে সংগতি ৰাখি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ কৃষ্টি, নৃত্য, জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰৰ মেলাৰ লগতে বস্ত্রমেলা, গ্রন্থমেলা, সমন্বয় শোভাযাত্রা, থলুৱা খেল-ধেমালি আৰু কৃষিমেলা অনুষ্ঠিত হ'ব। তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া চৰাইদেউ মহোৎসব অন্তিম দিনা কাৰ্যসূচীত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকে ধৰি অৰুণাচলৰ সাংসদে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷

অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু চৰাইদেউবাসী উদ্যোগত আয়োজিত মহোৎসৱ সকলো কাৰ্যসূচীত সাফল্যমণ্ডিত কৰি তোলা ক্ষেত্ৰত স্থানীয় ৰাইজে আশাব্যঞ্জক সহাৰি জনোৱা লগতে মহোৎসৱস্থলী সুন্দৰকৈ সজাইপৰাই তুলিছে ৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা মহোৎসৱৰ মূল তোৰণ উন্মোচন কৰিব চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাসপাটোৱাৰীয়ে। ইয়াৰ পাছত মূল পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি বিধায়ক ধর্মেশ্বৰ কোঁৱৰে। ইয়াৰ পাছত স্মৃতি তৰ্পণ , স্বৰ্গদেউ সকললৈ শ্রদ্ধাঞ্জলি অর্পণ আৰু বান-ফি পূজা আৰম্ভ হ'ব। ইয়াৰ পাছতে অন্যান্য কাৰ্যসূচী সমূহ আগবাঢ়িব।

মহোৎসৱৰ অন্তিম দিনা পুৱা সমূহীয়া চাফাই অভিযান, গছপুলি ৰোপনৰ পাছত দিনৰ ১১ বজাত এক সাংস্কৃতিক শোভাযাত্রা বাহিৰ হ'ব। এই শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট অভিনেতা নয়ন নিলীমে।

দিনৰ ১ বজাত উদযাপন সমিতিৰ সভাপতি তথা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা। ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ' আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই সভাখনিত গ্ৰন্থ উন্মোচন কৰিব। সভাত বিশিষ্ট অতিথি হিচাপে মন্ত্ৰী ক্ৰমে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বড়াসহ কেবাগৰাকী মন্ত্ৰী, সাংসদ, বুৰঞ্জীবিদ উপস্থিত থাকিব। সভাখনত আমন্ত্ৰিত অতিথি হিচাপে কেবাগৰাকী বিধায়ক, অসম চৰকাৰৰ মুখ্য সচিব, কেবাটাও বিভাগৰ অধ্যক্ষ, বিশিষ্ট ব্যৱসায়ী আৰু একাধিক নগা জনগোষ্ঠীয় সংগঠনৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব।

৩ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হ'ব চৰাইদেউ মহোৎসৱ-২০২৪
ক্ষোভিত নহয়, লজ্জিত হৈছো: পৰেশ বৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in