
ডিজিটেল সংবাদ, চৰাইদেউঃ মঙলবাৰে ঘোষণা হোৱা গুণোৎসৱৰ ফলাফলত চৰাইদেউ জিলাই ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই এয়া জিলাখনলৈ অহা এক অতি আনন্দৰ বতৰা বুলি উল্লেখ কৰি কয় যে এই সুখবৰত তেওঁ জিলাবাসীৰ সৈতে উৎফুল্লিত।
বিগত বছৰতকৈ এইবছৰ ফলাফল বহুত উন্নীত হোৱা বুলি উল্লেখ কৰি শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনায়। এই ফলাফল এক উল্লেখযোগ্য প্ৰাপ্তি বুলি উল্লেখ কৰি তেওঁ সকলোৰে ঐক্যবদ্ধ আৰু ঐকান্তিক চেষ্টাৰ অব্যাহত ৰাখিলে জিলাখনে ভৱিষ্যত দিনত শীৰ্ষ স্থান দখল কৰিবলৈও সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে।
গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পূৰ্বে জিলা প্ৰশাসনৰ তৰফৰ পৰা বহুতো পদক্ষেপ গ্ৰহণ কৰা হৈছিল বুলিও তেওঁ অৱগত কৰে। বিশেষ শ্ৰেণীৰ আয়োজনৰ লগতে যোৱা বছৰত লাভ কৰা পৰামৰ্শৱলীৰ ভিত্তিত বহুতো প্ৰচেষ্টা হাতত লোৱা হৈছিল বুলিও তেওঁ কয়। তেওঁ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ লগতে শিক্ষাগুৰুসকলৰ নিৰলস প্ৰচেষ্টাৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, জিলাখনৰ ৭৪০ খন বিদ্যালয়ৰ ৫৭২৯৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সাঙুৰি গুণোৎসৱ অনুষ্ঠিত হৈছিল। এই প্ৰক্ৰিয়াত ৩০৪ গৰাকী বহিঃ মূল্যায়ক আৰু ৭০ গৰাকী লায়ছেন অফিচাৰক নিয়োজিত কৰা হৈছিল।
আজি ঘোষিত ফলাফল মৰ্মে জিলাখনৰ A+ গ্ৰেড লাভ কৰা বিদ্যালয়ৰ সংখ্যা ৩৭৭ খন (৫৩.২৫%), A গ্ৰেড লাভ কৰা বিদ্যালয়ৰ সংখ্যা ২৭৬ খন (৩৮.৯৮%), B গ্ৰেড লাভ কৰা বিদ্যালয়ৰ সংখ্যা ৪৭ খন (৬.৬৪%), C গ্ৰেড লাভ কৰা বিদ্যালয়ৰ সংখ্যা ৭ খন (০.৯৯%) আৰু D গ্ৰেড লাভ কৰা বিদ্যালয়ৰ সংখ্যা এখন (০.১৪%)।
জিলাখনত বিদ্যালয়সমূহত ফেব্ৰুৱাৰী মাহৰ ২ তাৰিখৰ পৰা ৪ তাৰিখলৈ গুণোৎসৱ অনুষ্ঠিত হৈছিল। এই প্ৰক্ৰিয়াৰ মাধ্যমেৰে জিলাখনৰ শিক্ষাৰ মান, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশ, বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ মূল্যায়নৰ লগতে আসোঁৱাহসমূহ চিনাক্তকৰণ কৰি দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।