চৰাইদেউৰ কুৱঁৰীবাৰী চাহ বাগিচাৰ প্ৰায় অৰ্দ্ধ শতাধিক পৰিয়াল বানপানীৰ কবলত

চৰাইদেউৰ কুৱঁৰীবাৰী চাহ বাগিচাৰ প্ৰায় অৰ্দ্ধ শতাধিক পৰিয়াল বানপানীৰ কবলত

author-image
asomiyapratidin
New Update
চৰাইদেউৰ কুৱঁৰীবাৰী চাহ বাগিচাৰ প্ৰায় অৰ্দ্ধ শতাধিক পৰিয়াল বানপানীৰ কবলত

ডিজিটেল সংবাদ, সাপেখাতী: চৰাইদেউ জিলাৰ সাপেখাতীত নেৰানেপেৰা প্ৰৱল বৃষ্টিপাতৰ ফলত ফেনে ফুটুকাৰে বাহি আহিছে টিমন নৈৰ জলপৃষ্ঠ ৷ যাৰ ফলত টিমন নৈৰ দাঁতিতে লাগি থকা কুৱঁৰীবাৰী চাহ বাগিছাৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়াল বানপানীৰ কৱলত ৷

Advertisment

বানাক্ৰান্ত সকলে খাদ্য সংকটৰ লগতে আশ্ৰয়ৰ সংকাত ভূগিছে ৷ যাৰ বাৱে বানপানীৰ মাজতেই আশ্ৰয় লগতে বান সাহায্য বিচাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

অন্যহাতে সাপেখাতী লক্ষিমী গাওঁৰ প্ৰায় পোন্ধৰটাতকৈ অধিক পৰিয়ালেও বানৰ কবলত পৰাৰ লগতে একে গাওঁতে অৱস্থিত মুগা চুমনিখনো বানপানীৰ কবলত ৷ চুমনিখন বানপানীৰ কবলত পৰাৰ ফলত মুগাপালক সকলৰ প্ৰায় চাৰিৰ পৰা পাচঁ লক্ষ্যাধিক টকাৰ ক্ষতি হোৱা বুলি জানিব দিয়ে ৷

আৰু পঢ়ক: গুৱাহাটী প্রেছ ক্লাবত পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্রদান

assam flood