কৃষকৰ মাজত হাহাকাৰ, পানীৰ অভাৱত খেতি পথাৰত চিৰাল ফাট…

কৃষকৰ মাজত হাহাকাৰ, পানীৰ অভাৱত খেতি পথাৰত চিৰাল ফাট…

author-image
asomiyapratidin
New Update
কৃষকৰ মাজত হাহাকাৰ, পানীৰ অভাৱত খেতি পথাৰত  চিৰাল ফাট…

ডিজিটেল সংবাদ, চৰাইদেউ: চৰাইদেউ জিলাৰ মথুৰাপুৰত বৰ্তমান পানীৰ অভাৱত খেতি পথাৰ চিঁৰাল ফাট দিয়াত এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে কৃষক ৰাইজে।দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱা ফলত বৰ্তমান অঞ্চলটোৰ খেতি পথাৰ মাটি শুকাই পৰাত কৃষক সকল চিন্তিত হৈ পৰিছে ৷

উল্লেখ্য যে, প্ৰখৰ ৰ'দকো নেওচি কৃষক ৰাইজে ভূঁই ৰুলে যদিও এইবাৰ বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ বাবে পানীৰ নাটনিত খেতি মাটি শুকাই চিঁৰাল ফাট দিয়াত অঞ্চলটোৰ কৃষক ৰাইজৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে ৷ মাজে সময়ে দুই এজাক বৰষুণ হৈছে যদিও পৰ্যন্ত পৰিমাণৰ পানী নোহোৱাত শালিখেতি সমূহ মুজুৰা পৰাত কৃষকসকল গভীৰ চিন্তা পৰিছে ৷

আনহাতে খৰাং সদৃশ পৰিৱেশ বাবে এতিয়াও বহু খেতি পথাৰ এতিয়া চৰণীয়া পথাৰলৈ পৰিণত হৈ পৰিছে। পথাৰত কৃষি কৰ্মৰ দূৰ্গতি দেখি এতিয়া কৃষক ৰাইজে হুমুনিয়াহ কঢ়াৰ বাহিৰে আন উপায় নোপোৱা হৈছে। সচৰাচৰ ভাদত ঠন ধৰি উঠা কৃষকৰ বহু প্ৰত্যাশিত পথাৰৰ ছবিখন এইবাৰ দেখিবলৈ নোপোৱাত কৃষক ৰাইজৰ বাবে এতিয়া ভগবানেই শেষ ভৰসা হৈ পৰিছে।

আৰু পঢ়ক: দৰং আৰক্ষীৰ বৃহৎ সফলতা , ৩ দিনৰ ভিতৰতে বহিঃৰাজ্যৰ পৰা উদ্ধাৰ অপহৃত কিশোৰী

assam charaideo