বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উদ্ভাসিত দ’লবাগান উঃমাঃ বিদ্যালয় খেলপথাৰ...

শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দেওবাৰে বিদ্যালয় খেলপথাৰ পৰা বাহিৰ কৰা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ

author-image
Asomiya Pratidin
New Update
বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উদ্ভাসিত দ’লবাগান উঃমাঃ বিদ্যালয় খেলপথাৰ...

charaideo

ডিজিটেল সংবাদ, চৰাইদেউঃ শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় গৌৰৱোজ্জ্বল দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠান ৷ শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দেওবাৰে বিদ্যালয় খেলপথাৰ পৰা বাহিৰ কৰা হৈছে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।

অসমৰ প্ৰায়বোৰ জাতি-জনগোষ্ঠীৰ থলুৱা সংস্কৃতি, ভিন্ন উৎসৱ আদিক আৰ্হি হিচাপে লৈ ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলে উলিয়াই এই সাংস্কৃতিক শোভাযাত্ৰা ৷ খেলপথাৰৰ পৰা বাহিৰ হোৱা এই শোভাযাত্ৰাৰ নেতৃত্বত দিছে একালৰ প্ৰাক্তন ছাত্ৰ তথা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷

সহস্ৰাধিক ন-পুৰণি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই জীপাল কৰি তোলে আকাশ-বতাহ। বিধায়ক দেৱব্ৰত শইকীয়াই উদ্বোধন কৰা শোভাযাত্ৰা চৰাইদেউ মৈদাম হৈ দ’লবাগান খেলপথাৰত সামৰণি পৰে ৷

assam charaideo