বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দিশে অগ্ৰসৰ চৰাইদেউ মৈদামত পালন পৰ্যটন দিৱস

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দিশে অগ্ৰসৰ চৰাইদেউ মৈদামত পালন পৰ্যটন দিৱস

author-image
Asomiya Pratidin
New Update
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দিশে অগ্ৰসৰ চৰাইদেউ মৈদামত পালন পৰ্যটন দিৱস

ডিজিটেল সংবাদ, চৰাইদেউঃ বুধবাৰে সমগ্ৰ বিশ্বৰ লগতে চৰাইদেউ মৈদামতো পালন কৰা হৈছে পৰ্যটন দিৱস। পৰ্যটন দিৱসৰ মাজতে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি ল'বলৈ সাজু হৈছে ৷ বিশ্ব মানচিত্ৰত চৰাইদেউক স্থান দিবলৈ দিনে নিশাই কৰ্মত ব্যস্ত হৈ পৰিছে সংশ্লিষ্ট বিভাগ। ঐতিহাসিক চৰাইদেউ মৈদামত বৰ্তমান দেখা পোৱা গৈছে যুদ্ধ সদৃশ তৎপৰতা।

Advertisment

আহোম স্বৰ্গদেউসকলৰ সমাধিস্থল ঐতিহাসিক চৰাইদেউ মৈদামত কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ তত্ত্বাৱধানত দিনে-নিশাই বহু শ্ৰমিক ব্যস্ত হৈ পৰিছে । মৈদামস্থলীৰ উন্নয়নৰ কাম-কাজ চলি থকা চৰাইদেউত কেইটামান দিনৰ পাছতে পৰ্যবেক্ষণৰ বাবে আহিব ইউনেস্কো(UNESCO)ৰ প্ৰতিনিধি দল।

অহা ৭ অক্টোবৰত ইউনেস্কোৰ দলে পৰ্যবেক্ষণ কৰিব চৰাইদেউ মৈদাম। চৰাইদেউ মৈদাম পৰ্যবেক্ষণৰ পিছত চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বৰূপে স্বীকৃতি প্ৰদান কৰিব দলটোৱে। সেয়ে চৰাইদেউ মৈদামক সজাই পৰাই তুলিবলৈ হাতে-কামে লাগিছে কৰ্তপক্ষ। মৈদামখনিয়ে যাতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান পাই তাকেলৈ আগ্ৰহেৰে বাট চাই আছে চৰাইদেউবাসীয়ে ৷

Also Read: এছিয়ান গেমছত আন এক স্বৰ্ণ জয় ভাৰতৰ

Charaideo Maidam tourism ASSAM TOURISM