![চাপৰত চিকিৎসালয়ত অনুষ্ঠিত হয় ৰক্তদান শিৱিৰৰ।](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/10/c507eQCDqcocC0UWUten.jpg)
চাপৰত চিকিৎসালয়ত অনুষ্ঠিত হয় ৰক্তদান শিৱিৰৰ। Photograph: (অসমীয়া প্ৰতিদিন)
ডিজিটেল সংবাদ, চাপৰঃ যোৱা ৯ জানুৱাৰী তাৰিখে চাপৰ চিকিৎসালয়ত অনুষ্ঠিত হয় বিশাল ৰক্তদান শিৱিৰৰ। উক্ত ৰক্তদান শিৱিৰ শুভ উদ্ধোধন কৰে চাপৰ ৰাজহ চক্ৰ বিষয়া শশী ভূষন ৰাজকোঁৱৰে। চাপৰ চিকিৎসালয়ত আয়োজিত ৰক্তদান শিৱিৰত চাপৰ শালকোচা অঞ্চলৰ প্ৰায় ৫৮ গৰাকী ব্যক্তিয়ে নাম পঞ্জীয়ন কৰে যদিও বিভিন্ন কাৰণ বশঃত তাৰে ৩৯ গৰাকী ব্যক্তিয়ে ৰক্তদান কৰিবলৈ সক্ষম হয়।
চাপৰ থানাৰ আৰক্ষী বিষয়া দ্বীপজ্যোতি ইংতিৰ লগতে সাংবাদিক সুৰত জামাল, নবীন চক্ৰৱৰ্তী, খনিন্দ্ৰ কলিতা , প্ৰাক্তন আছু নেতা বদিউৰ জামান, চাপৰ পৌৰসভাৰ কৰ্মচাৰী মনোবাৰ হুছেইন, চাপৰৰ বিশিষ্ট ব্যক্তি সুৰজিৎ দাস, মস্তাফিজুৰ ৰহমান, বিশিষ্ট ব্যৱসায়িক বাবুলাল তাতেৰ, নৰথন তাতেৰ, সন্তোষ চৌধুৰী আৰু আশা ছুপাৰ ভাইজাৰ মজিৰন বেগম, উদীয়মান যুৱক সঞ্জয় কুমাৰ ৰায় উৰুফে ধনকে ধৰি ৩৯ গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে।
উক্ত ৰক্তদান শিৱিৰত বিলাসীপাৰা সমজিলা আয়ুক্ত সৃষ্টি সিং উপস্থিত হৈ ৰক্তদাঁতা সকলক ধন্যবাদ জ্ঞাপন কৰে। ধুবুৰী জিলা স্বাস্থ্য সমিতি আৰু চাপৰ এফ আৰ ইউৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰত উপস্থিত থাকে মহকুমা স্বাস্থ্য বিষয়া ডা: আবুল কালাম আজাদ, চাপৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডা: হুছেইন আলী আহমেদকে ধৰি অন্য স্বাস্থ্য বিষয়া আৰু কৰ্মী সকল উপস্থিত থকাৰ লগতে সাংবাদিক সকল উপস্থিত থাকি বিভিন্ন দিশত সহায় সহযোগিতা আগবঢ়ায়।