/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/62fa4ab9-ffbb-4999-b754-04ea43410a52/tai_ahom_school.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ টাই আহোম সমাজৰ আৰাধ্য আৰু উপাসনাস্থলী ঢকুৱাখনা তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ প্ৰাংগণত টাই আহোম জাতিৰ প্ৰাণ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফাৰ এটি আৱক্ষ্য মূৰ্তি নিৰ্মাণৰ শুভকৰ্মৰ দেওবাৰে শুভাৰম্ভ কৰা হয় । ঢকুৱাখনা টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ স্থায়ী ভূখণ্ডত দেওবাৰে এই আৱক্ষ্য মূৰ্তি নিৰ্মাণৰ শুভাৰম্ভ কৰে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ লিতুল বুঢ়াগোহাঁইয়ে।
দেওবাৰে দুপৰীয়া ১২ বজাত ঢকুৱাখনা টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ গৰিষ্ঠ সংখ্যক কৰ্মকৰ্তাৰ উপস্থিতিত অধ্যক্ষ বুঢ়াগোহাঁয়ে চিমেণ্ট বালি শিল মিশ্ৰিত সামগ্ৰী প্ৰদানেৰে এই শুভ কৰ্মৰ আৰম্ভণি কৰে । সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি অচ্যুত বৰগোঁহাই আৰু ভাস্কৰ বৰগোঁহাই, শিৱসাগৰ জিলা টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য সংগঠনিক সম্পাদক তপন চেতিয়া, ঢকুৱাখনা টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ সভাপতি জিতেন গগৈ, কাৰ্যকৰী সভাপতি বীৰেন সন্দিকৈ, সম্পাদক প্ৰধান হিতেশ ফুকন, সাংগঠনিক সম্পাদক চেনিৰাম গগৈ, প্রাক্তন সভাপতি প্ৰদীপ চমুৱা, প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সমূহ বিষয় ববীয়া আৰু গৰিষ্ঠ সংখ্যক জ্ঞাতিবৰ্গ উপস্থিত থাকি এই পবিত্ৰ অনুষ্ঠানত ভাগত অংশগ্ৰহণ কৰে।
ইয়াৰ পাছতে কেন্দ্ৰৰ উপাসনা স্থলীত পূজা অৰ্চনা কৰি এই সন্দৰ্ভত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰে অধ্যক্ষ গৰাকীয়ে । বিকাশ কেন্দ্ৰৰ সভাপতি জিতেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ আগবঢ়াই বিকাশ কেন্দ্ৰৰ সভাপতি জিতেন গগৈয়ে । প্ৰাক্তন সভাপতি, সমাজকৰ্মী প্ৰদীপ চমুৱা, কাৰ্যকৰী সভাপতি বীৰেন সন্দিকৈ আদিয়েও সভাত বক্তব্য ৰাখে । প্ৰতিমূৰ্তি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি অসমীয়া জাতিটোক বৰ অসমৰ জাতিলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত বৰ অসমীয়া জাতিৰ স্ৰষ্টা চাওলুং চুকাফাৰ চিন্তা চেতনাক বাস্তৱায়িত কৰাৰ বাবে ঢকুৱাখনাবাসীয়ে গ্ৰহণ কৰা এই মহান প্ৰচেষ্টাৰ শলাগ লয় অধ্যক্ষ গৰাকীয়ে ।
এই শুভ কৰ্মলৈ আগন্তুক দিনত উন্নয়ন পৰিষদৰ তৰফৰ পৰা পৰ্য্যাপ্ত অৰ্থানুদান আগবঢ়াব বুলি কৈ সংবাদ মাধ্যমৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰে । টাই ভাষা লোক কৃষ্টি সংস্কৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে আত্মনিয়োগ কৰি অহা উন্নয়ন পৰিষদে ঢকুৱাখনাত টাই ভাষা শিক্ষা প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত কিয় মনোনিবেশ কৰা নাই বুলি "অসমীয়া প্ৰতিদিন ডিজিটেল" ৰ তৰফৰ পৰা সোধা এক প্ৰশ্নৰ উত্তৰ দি অধ্যক্ষ গৰাকীয়ে এই ক্ষেত্ৰত পৰিষদে চিন্তা চৰ্চা কৰা বুলি কৈ ঢকুৱাখনাত এখন টাই ভাষা বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ বাবে অতি শীঘ্ৰে পৰিষদৰ তৰফৰ পৰা প্ৰায় ৩০-৪০ লাখ পুঁজি আৱন্তন দিয়াৰ পূৰ্ণ প্ৰস্তুতি চলোৱা বুলি নিশ্চয়তা প্ৰদান কৰে । সভাতেই বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা উন্নয়ন পৰিষদৰ অধ্যক্ষ বুঢ়াগোহাঁইক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।