চন্দ্ৰপুৰত ধাবা জ্বলাই দিলে ৪ যুৱকে, গ্ৰেপ্তাৰ

চন্দ্ৰপুৰত ধাবা জ্বলাই প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ জালত নলবাৰীৰ চাৰি যুৱক। চন্দ্ৰপুৰৰ পশ্চিম মায়ঙস্থিত হলং নামৰ ধাবাত বৃহস্পতিবাৰে নিশা অগ্নি সংযোগ কৰিছিল চাৰি দুৰ্বৃত্তই ।

author-image
Asomiya Pratidin
New Update
চন্দ্ৰপুৰত ধাবা জ্বলাই দিলে ৪ যুৱকে, গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ চন্দ্ৰপুৰত ধাবা জ্বলাই প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ জালত নলবাৰীৰ চাৰি যুৱক। চন্দ্ৰপুৰৰ পশ্চিম মায়ঙস্থিত হলং নামৰ ধাবাত বৃহস্পতিবাৰে নিশা অগ্নি সংযোগ কৰিছিল চাৰি দুৰ্বৃত্তই ।

প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে নিশা অভিযান চলায় চানমাৰিৰ পৰা গ্ৰেপ্তাৰ কৰে চাৰি যুৱকক। ধৃত যুৱক চাৰিজন নলবাৰীৰ অভিলাশ চৌধুৰী, কুলদ্বীপ শৰ্মা, জ্যোতিময় কাশ্যপ, আৰু প্ৰজ্ঞান কশ্যপ বুলি জানিব পৰা গৈছে ।

অভিযোগ মতে কালি নিশা এএছ ০৩৯৩৭৩ নম্বৰ বাহন খনৰে আহি চাৰি যুৱকে 'হলং' নামৰ ধাবাত সুৰাপান কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । এই ক্ষেত্ৰত ধাবাৰ গৰাকীয়ে বাধা প্ৰদান কৰাত ক্ষোভিত হৈ পৰে আৰু ধাবা খনৰ পৰা ওলাই যায় ।

নিশা ধাবাৰ গৰাকীয়ে ধাবা বন্ধ কৰি ঘৰলৈ যোৱাৰ পিছত সুৰাপায়ী চাৰি জনীয়া যুৱকৰ দলটো পুনৰ উভতি আহি ধাবা খনত অগ্নিসংযোগ কৰি দি পলায় যোৱাৰ অভিযোগ উত্থাপন হৈছে । তাৰপাছত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ধাবাৰ গৰাকীয়ে। এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিজনক।

Also Read: নামঘৰৰ প্রসাদত বিষক্রিয়া ঘটি ৭২গৰাকী লোক অসুস্থ

Assam police