বন ধ্বংস ৰোধৰ বাবে সংবাদ মাধ্যমৰ সহায় বিচাৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে…

বন ধ্বংস ৰোধৰ বাবে সংবাদ মাধ্যমৰ সহায় বিচাৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে…

author-image
asomiyapratidin
New Update
বন ধ্বংস ৰোধৰ বাবে সংবাদ মাধ্যমৰ সহায় বিচাৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে…

ডিজিটেল সংবাদ,কলিয়াবৰ: বন বিভাগৰ দায়িত্ব লৈয়ে বন ধ্বংস ৰোধৰ বাবে সংবাদ মাধ্যমৰ সহায় বিচাৰিলে চন্দ্ৰমোহন পাটোৱাৰীয়ে। ক'ৰবাত যদি অবৈধ কাঠফলা কল আছে বা বন ধ্বংস হৈছে তাৰ তথ্য সাংবাদিককহে দিবলৈ আহ্বান জনালে চন্দ্ৰমোহন পাটোৱাৰীয়ে।

Advertisment

দেওবাৰে কলিয়াবৰৰ মিছাত নৰেন্দ্ৰ মোডী চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত সমাৱেশত অংশগ্ৰহণ কৰি চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত ৰাইজক অৱগত কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছক সমালোচনা কৰি কংগ্ৰেছ চৰকাৰৰ দৰে আমি নীচ কাম নকৰো বুলি ভাষণৰ মাজতে উল্লেখ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আনহাতে, বন বিভাগটোত বহুখিনি কৰিবলগীয়া আছে বুলি উল্লেখ কৰি পৰ্যায়ক্ৰমে বিভাগীয় কামসমূহ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে মন্ত্ৰী গৰাকীয়ে।

লগতে সভাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জন ধন যোজনা, জল জীৱন মিচন, জিৰ বেলেঞ্চত বেংকত একাউণ্ট খোলা, পি এম কৃষান সন্মান নিধি আদি আঁচনি সন্দৰ্ভত হিতাধিকাৰী সকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।কলিয়াবৰ জিলা বিজেপিৰ উদ্যোগত আজি অনুষ্ঠিত এই বৰ্ষপূৰ্তি অনুষ্ঠানত কলিয়াবৰ বিজেপি পূৱ মণ্ডলৰ সভাপতি ৰঞ্জন হাজৰিকা, পঞ্চায়ত প্ৰতিনিধি তৃষাৰানী শইকীয়াকে ধৰি দলীয় বিষয়ববীয়া আৰু নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে।

আৰু পঢ়ক; ডান্স ইণ্ডিয়া ডান্সত জিলিকিছে উৰিয়ামঘাটৰ এটি কিশোৰ, ভোটৰ বাবে আহ্বান

assam Chandra Mohan Patowary