/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/chandra.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ :- প্ৰমোদ বড়ো বিটিচিৰ মুখ্য কাৰ্যবাহী হোৱাৰ পূৰ্বৰে পৰা অৰ্থাৎ বিগত দুইবছৰ পূৰ্বৰে পৰা এটা বিশেষ চক্ৰই হল্টুগাঁও বনাঞ্চলিক ক্ষেত্ৰত আৰু ৰাইমানা অভয়াৰণ্যত প্ৰচুৰ পৰিমানে গছ কাটি আছে । আনহাতে কিছু কিছু বনাঞ্চলত অসমৰে খিলঞ্জীয়া মানুহে অবৈধভাৱে বেদখল কৰি আছে , চৰকাৰে তেওঁলোকক অন্য ঠাইত সংস্থাপিত কৰিব আৰু ৩০০০ হেক্টৰ ভূমিত ধাৰাবাহিক বৃক্ষৰোপন কৰা হ'ব- এই মন্তব্য ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
কোকৰাঝাৰৰ বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী , বিধায়ক জিৰণ বসুমতাৰী , কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী , বিটিচিৰ সচিব , বনবিভাগৰ উচ্চপদস্থ্য বিষয়াবৰ্গৰ সৈতে অনুষ্ঠিত হোৱা এক বৈঠকৰ পিছতে উক্ত মন্তব্য প্ৰকাশ কৰিছে ।
বন আৰু পৰিৱেশক সুৰক্ষা দিয়াৰ উদ্দেশ্যৰে আজি বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিশেষকৈ বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই ইতিপূৰ্বে দাখিল কৰা ৩০০০ হেক্টৰ ভূমিত বৃক্ষৰোপন কাৰ্যসূচী , গছ কটা বন্ধ কৰা , অবৈধ কাঠফলা মিল বন্ধ কৰা , হাতী -মানুহৰ সংঘাত দুৰ কৰা আদি অন্যতম বুলি জানিব পৰা গৈছে ।
তদুপৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাইমানা অভয়াৰণ্যক অধিক উন্নত কৰাৰ বাবেও আলোচনা অনুষ্ঠিত হয় । বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰে যৌথভাৱে বনাঞ্চলৰ সুৰক্ষা , উন্নয়ন নিশ্চিত কৰাৰ লগতে বনানিকৰণক অধিক গুৰুত্ব দিয়া হব বুলি সদৰি কৰিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
ইপিনে বৈঠকৰ অন্তত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই বেদখল আৰু বনাঞ্চল ধ্বংস ৰোধ কৰা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে বুলি সদৰি কৰে । অৰণ্যৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় হোৱা সুৰক্ষাকৰ্মী বৃদ্ধি আৰু আন্তগাঁথনিৰ পোষকতা কৰি প্ৰমোদ বড়োই ৰাইমানা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ ঘনত্ব বৃদ্ধিৰ প্ৰসংগতো আলোচনা অনুষ্ঠিত হোৱাৰ কথা সদৰি কৰিছে ।
উল্লেখ্য যে আজিৰ বৈঠকত অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ , কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকা , জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে , বনাঞ্চলিক বিষয়াসকলকে ধৰি আন উচ্চ পদস্থ্য বিষয়াসকল উপস্থিত থাকে।
আৰু পঢ়ক: মেঘালয় সমৰ্থকৰ ভয়ত পুনৰ গাঁও এৰিছে বহুকেইটা পৰিয়ালে