প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত চানমাৰি খেলপথাৰত ভাৰত মাতা পূজন অনুষ্ঠান...

গুৱাহাটীৰ চানমাৰি খেলপথাৰত ১ অক্টোবৰৰ পৰা ৪ অক্টোবৰলৈ ভাৰত মাতা পূজন অনুষ্ঠিত কৰা হৈছে

author-image
Asomiya Pratidin
New Update
প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত চানমাৰি খেলপথাৰত ভাৰত মাতা পূজন অনুষ্ঠান...

bharat mata pujan

ডিজিটেল ডেস্ক : ভাৰতীয় চহকী সভ্যতা সংস্কৃতিক নৱপ্ৰজন্ম তথা ৰাইজৰ আগত আগবঢ়াই দিয়াৰ উদ্যেশেৰে প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ চানমাৰি খেলপথাৰত ১ অক্টোবৰৰ পৰা ৪ অক্টোবৰলৈ ভাৰত মাতা পূজন অনুষ্ঠিত কৰা হৈছে।

Advertisment

শনিবাৰে প্ৰথম দিনটোত এহেজাৰ মানুহে হাতত বন্তি লৈ অখণ্ড ভাৰতৰ আকৃতিৰ পৰিক্ৰমা কৰে। গুৱাহাটীৰ বিভিন্ন ঠাইৰ ছাফাই কৰ্মী সকলৰ পৰিয়ালৰ যুৱক যুৱতীয়ে প্ৰদৰ্শন কৰা বন্দে মাতৰম নৃত্য। আৰু এই নৃত্যটি আছিল আজিৰ দিনটোৰ মুখ্য আকৰ্ষণ।

বিশিষ্ট চিকিৎসক, সমাজসেৱক তথা আৰএছএছৰ অসম প্ৰান্তৰ সন্মানীয় সংঘচালক ডাঃ উমেশ চক্ৰৱৰ্তী ডাঙৰীয়াই ভাৰতবৰ্ষৰ সোণালী ঐতিহ্যৰ ওপৰত বক্তব্য আগবঢ়ায়। ইয়াৰ পিছতে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ অনুষ্ঠানৰ লগতে অন্যান্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে অসমৰ বিভিন্ন থলুৱা লোক শিল্পীয়ে।

অহা ২,৩,৪ তাৰিখেও বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন থলুৱা লোক শিল্পীৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন কৰা হ'ব। সমূহ ৰাইজে অন্য এক বিশেষ অনুষ্ঠান উপভোগ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

CHANDMARI rss assam