বৰক'লাত শ্বহীদ চন্দন সিঙৰ স্মৃতি দিৱস উদযাপন

বৰক'লাত শ্বহীদ চন্দন সিঙৰ স্মৃতি দিৱস উদযাপন

ডিজিটেল সংবাদ, বেবেজীয়া: অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদ চন্দন সিঙৰ ৪২ সংখ্যক স্মৃতি দিৱসটি বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে শ্বহীদ গৰাকীৰ ওপজা ভূমি নগাঁও জিলাৰ বৰক'লাত উদযাপন কৰা হয় । পুৱাৰ ভাগত শ্বহীদ চন্দন সিং শৈক্ষিক ন্যাসৰ উদ্যোগত বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা 'শ্ৰদ্ধাঞ্জলি ক্ষেত্ৰ'ত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ।

শিক্ষক ভদ্ৰকান্ত ডেকাই আঁতধৰা এই অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি লেখক-সাংবাদিক,নাট সমালোচক জ্যোতিপ্ৰসাদ বৰাই শ্বহীদৰ আত্মত্যাগ আৰু বিপ্লৱী সত্তাক লৈ অসমৰ অনুসন্ধিৎসু বৌদ্ধিক সমাজ আৰু ৰাজনৈতিক সত্তাৰ মাজত নতুন চিন্তাৰ দুৱাৰ মুকলি কৰি দিয়াৰ ক্ষেত্ৰত পোষকতা কৰিবলৈ ন্যাস কৰ্তৃপক্ষক আহ্বান জনায় ।

লগতে তেওঁ এখন চিন্তন বৈঠকৰ জৰিয়তে এইক্ষেত্ৰত বাস্তৱসন্মত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিলেহে শ্বহীদৰ প্ৰতি প্ৰকৃত সন্মান জনোৱা হ'ব বুলি উল্লেখ কৰে । ইপিনে তেওঁ অসমৰ জাতীয় জীৱনৰ ৰাজহাড়দালৰ সৈতে সংপৃক্ত হৈ থকা বৰক'লাৰ অসমীয়া শিখ সমাজৰ অতুল্য অৱদান আৰু সমাজপ্ৰীতিৰ প্ৰসংগও বক্তব্যত দোহাৰে । এই অনুষ্ঠানতেই বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা কামপুৰ আদৰ্শ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মঞ্জুৰাণী লস্কৰে বিদেশী বিতাৰণৰ আন্দোলন আৰু জুয়ে পোৰা তিৰাশীৰ বিভীষিকাময় পৰিস্থিতিৰ শিহৰণকাৰী বৰ্ণনা সন্মানীয় অতিথিৰ বক্তব্যত দাঙি ধৰে ।

শ্ৰদ্ধাঞ্জলি ক্ষেত্ৰৰ এই অনুষ্ঠানটিত প্ৰথমেই জাতীয় শ্বহীদ স্তম্ভত বন্তি প্ৰজ্বলন কৰাৰ পিছত বৰক'লাৰ তিনি শ্বহীদ ক্ৰমে চন্দন সিং,কৰম সিং আৰু বলীন্দ্ৰ মজুমদাৰৰ আৱক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্য নিবেদন কৰা হয় । এই স্মৃতিচাৰণ অনুষ্ঠানটিত সক্ৰিয় ৰাজহুৱা কৰ্মী মোহিনী মোহন লস্কৰ,বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক চন্দ্ৰমোহন শৰ্মা,সহকাৰী শিক্ষক পৱন বৰা,বিষ্ণু লস্কৰ,মছফিকুল আলম,নাট্যকৰ্মী দিলীপ লস্কৰ,শ্বহীদ চন্দন সিঙৰ জ্যেষ্ঠ ভাতৃ তেজা সিং,ভতিজা অৰবিন্দ সিং,শ্বহীদ কৰম সিঙৰ জ্যেষ্ঠ ভাতৃ জিৎ সিং,ছাত্ৰ সমাজৰ নেত্ৰী ইন্দিৰা কৌৰ,সংগঠক কৌশিক লস্কৰ আদিৰ উপৰিও বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে । আনহাতে শ্ৰদ্ধাঞ্জলি ক্ষেত্ৰৰ এই অনুষ্ঠানৰ পিছতেই শ্বহীদ চন্দন সিঙৰ বাসভৱনতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়িত হয় ।

শ্বহীদ গৰাকীৰ বাসগৃহৰ সন্মুখত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ্য অৰ্পন কৰি অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সেনানী গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰা হয় । এই অনুষ্ঠানটিত অন্যান্য সকলৰ উপৰিও শ্বহীদ চন্দন সিঙৰ জ্যেষ্ঠ ভাতৃ অৰ্জুন সিং আৰু ভগ্নী অমৰজিৎ কৌৰো উপস্থিত থাকে । বৰক'লা গাঁৱৰ অৰ্দ্ধশতাধিক লোকে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটিতে কেইবাগৰাকীও সমাজ সংগঠকক শ্বহীদ পৰিয়ালৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উল্লেখ্য যে,১৯৮৩ ৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতেই নগাঁও জিলাৰ জাজৰিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুলীত প্ৰাণ আহুতি দিছিল ছাত্ৰ নেতা চন্দন সিঙে । একেদৰে একেটা বৰ্ষতেই বৰক'লাৰ আন দুই ছাত্ৰ নেতা কৰম সিঙে ১ মাৰ্চত আৰু বলীন্দ্ৰ মজুমদাৰে ২ মাৰ্চত গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল ।

বৰক'লাত শ্বহীদ চন্দন সিঙৰ স্মৃতি দিৱস উদযাপন
প্ৰতিবাদকাৰী কৃষকক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ, ড্ৰোনেৰে নিৰীক্ষণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in