দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ চন্দনে লাভ কৰিলে আৰ্থিক সাহায্য…

দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ চন্দনে লাভ কৰিলে আৰ্থিক সাহায্য…

author-image
asomiyapratidin
New Update
দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ চন্দনে লাভ কৰিলে আৰ্থিক সাহায্য…

ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত নৱমস্থান লাভ কৰা নগাঁৱৰ মাজপোতনি গাঁও নিৱাসী দুখীয়া পৰিয়ালৰ চন্দন বৰালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহায্য নিধিৰ পৰা আগবঢ়োৱা ১ লাখ টকাৰ চেক আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিক ভাৱে অৰ্পণ কৰিলে। অতি মেধাৱী ছাত্ৰ চন্দনে উচ্চ শিক্ষাৰ বাবে আগবঢ়োৱা এই ১ লাখ টকাৰ সাহায্য লাভ কৰি আনন্দিত হৈ পৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু চন্দনৰ বাবে আৰ্থিক সাহায্য বিচাৰি আৱেদন কৰা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তকে ধৰি প্ৰতিদিন গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছে।

আজি দিছপুৰস্থিত শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ত মন্ত্ৰী পেগুৱে আনুষ্ঠানিক ভাৱে চন্দনক এই চেক প্ৰদান কৰি চন্দনৰ চাৰ্টাড একাউণ্টেণ্ট হোৱাৰ সপোনা পূৰণ হোৱাৰ কামনা কৰে। উল্লেখ্য যে, শিঙীয়াপোনি হাইস্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী চন্দন বৰাই উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলটো স্থান লাভ কৰিব বুলি সকলোৱে আশা কৰিছিল যদিও ৯৩ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'লেও স্থান লাভৰ পৰা বঞ্চিত হয়। ইয়াৰ পৰৱৰ্তী সময়ত নগাঁৱৰ এখন ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয়ত বাণিজ্য শাখাত নাম ভৰ্তি কৰি শিক্ষা গ্ৰহণ কৰা চন্দনে উচ্চতৰ মাধ্যমিকত নৱম স্থান লাভ কৰাৰ খবৰক লৈ মাজপোতনি গাঁৱৰ লগতে পূৰ্বে পঢ়ি অহা শিঙীয়াপোতনি হাইস্কুলৰ শিক্ষক, শিক্ষাৰ্থী, অঞ্চলৰ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠে।

পুত্ৰৰ ফলাফলৰ এই সময়ত চন্দনৰ পিতৃ আছিল তেলেংগানাত এটা ব্যক্তিগত প্ৰতিষ্ঠানত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত অৱস্থাত। ইফালে চন্দনে নগাওঁ মহাবিদ্যালয়তে বাণিজ্য শাখাত পঢ়াৰ সিদ্ধান্ত লোৱাৰ সমান্তৰাল ভাৱে চাৰ্টাড একাউণ্টেণ্টৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা প্ৰকাশ কৰে। পিছে ইয়াৰ বাবে ভৱিষ্যতে প্ৰয়োজন হোৱা অৰ্থ আৰু পৰিয়ালৰ সামৰ্থৰ বিষয়টো অনুধাৱন কৰি একেখন গাঁৱৰে নিৱাসী তথা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই তাৎক্ষণিক ভাৱে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুক অৱগত কৰে।

মন্ত্ৰীগৰাকীয়েও লগে লগে সহাৰি জনাই নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষৰ সহযোগত বিনামূলীয়াকৈ প্ৰাৰম্ভিক নামভৰ্তি, কিতাপ-পত্ৰ আদিৰ ব্যৱস্থা কৰি দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিৰ পৰাহে এনে সাহায্য দিয়াটো সম্ভৱ বুলি অৱগত কৰি এখন আৱেদন তেওঁলৈ প্ৰেৰণৰ পৰামৰ্শ দিয়ে। সেই মতেই প্ৰকাশ মহন্তই মুখ্যমন্ত্ৰীক উদ্যেশ্যি এখন পত্ৰ ড০ ৰণোজ পেগুৰ জৰিয়তেই প্ৰেৰণ কৰে।

সেই আৱেদনৰ ওপৰত ভিত্তি কৰিয়েই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা বুলি ২৫ আগষ্ট, বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ মহন্তক অৱগত কৰাত বিষয়টো তেওঁ লগে লগে চন্দনৰ পৰিয়ালকো জানিবলৈ দিয়ে। যিহেতু সাহায্যৰ চেকখন উপভুক্তাই নিজেই স্বাক্ষৰ কৰি গ্ৰহণ কৰিব লাগিব, সেই বাবে আজি চন্দন দিছপুৰলৈ আহি উক্ত চেক গ্ৰহণ কৰে।

ইফালে এই সাহায্যৰ চেক গ্ৰহণ কৰিয়েই চন্দন পোনে পোনে আহে অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়লৈ। কাৰ্যালয়ত উপস্থিত হৈ চন্দনে অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা, সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী আৰু জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তক সাক্ষাত কৰি একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। চন্দনৰ উচ্চ শিক্ষাৰ জীৱন সফলতা কামনা কৰি চাৰ্ডাড একাউণ্টেণ্ট হোৱাৰ যি ইচ্ছা সেই ইচ্ছা বাস্তৱায়িত হোৱাৰো কামনা কৰে সম্পাদক জয়ন্ত বৰুৱা, অনুৰাধা শৰ্মা পূজাৰীয়ে। আনহাতে সকলো সময়তে বিভিন্ন দিহা পৰামৰ্শৰ লগতে আৰ্থিক ভাৱে সহায় আগবঢ়ায় অহা প্ৰকাশ মহন্তই চন্দনক এই সাহায্য লাভৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আগ্ৰহক ধন্যবাদ জ্ঞাপন কৰিছে।