/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/hli8mlyn/AP-FOR-WEB-new.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ২৬ অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪ ৰ সফলভাৱে সামৰণি পৰে। উক্ত মহোৎসৱ প্ৰবাল খাউণ্ড পৰিচালিত, গোপাল জালানৰ লগতে ধ্ৰুৱজ্যোতি কাকতি প্রযোজিত "দ্যা লাষ্ট জেনেৰেচন" ছবিৰে উদ্বোধন কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/nij5ubz3/afb0659b-4473-495d-b961-1422881e1af4.jpg)
বিশ্ব সংবাদকেন্দ্ৰ আৰু অসমৰ সহযোগী অনুষ্ঠান চলচ্চিত্ৰমৰ উদ্যোগত আয়োজিত মহোৎসৱৰ মূল বিষয়বস্তু আছিল "আমাৰ ঐতিহ্য আমাৰ গৌৰৱ"। এই চলচিত্ৰ মহোৎসৱত ৫০খন তথ্যচিত্ৰ আৰু চুটি ছবি প্ৰদৰ্শন কৰা হয়। প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী দুয়োটা শাখাতে ছবিসমূহ প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/q6u18uz8/IMG-20241027-WA0002-1536x1156.jpg)
মূল বিষয়বস্তুৰ উপৰি মহোৎসৱত ভূমি আৰু মানুহ, পৰ্যটন, কলা, হস্তশিল্প আৰু বস্ত্ৰ, পাণ্ডুলিপি আৰু পাণ্ডুলিপি চিত্রাংকন, চিত্ৰাংকন আৰু কাঠত খোদাই কৰা কলা, সংগীত আৰু সংগীতজ্ঞ, সাংস্কৃতিক উৎসৱ, স্মৃতি সৌধ আৰু ঐতিহ্যক্ষেত্ৰ, সমাজ সংস্কাৰক আৰু আগৰণুৱাসকলক, ক্ৰীড়া, চাহ আৰু তৈল উদ্যোগ, সংস্কৃতি আৰু মূল্যবোধ, সামাজিক সজাগতা, পৰিয়াল ব্যৱস্থা, মহিলা, পৰিৱেশ আদি বিষয়কো প্ৰাধান্য দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/wj1amtjh/191969dd-62a3-4763-9d7a-10e2438b4117.jpg)
মহোৎসৱত উত্তৰ পূৰ্বাঞ্চল ছবি শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে জ্যোতিপ্ৰসাদ দাস পৰিচালিত “দ্য ছিলভান ছাগা”ই। সৰ্বভাৰতীয় শিতানৰ শ্ৰেষ্ঠ ছবি হিচাপে নিৰ্বাচিত ছ’ৰিল য়াল্লাট্টিকাৰ পৰিচালিত “জাছৱান্দা”। উত্তৰ পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে “দ্য ছিলভান ছাড়া”ৰ পৰিচালক জ্যোতি প্ৰসাদ দাসে। উত্তৰ পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফীৰ বঁটা প্ৰদান “টিন্চ অৱ নাইন্টিন ফ’ৰ্টি টু”ৰ বাবে চিদা বৰা আৰু সৰ্পিল নন্দন ডেকা তথা “আদি শক্তি মা কামাখ্যা”ৰ বাবে প্ৰদীপ চন্দ্ৰ শৰ্মা আৰু অংশুমান বৰুৱাক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/pw8fnjma/IMG-20241027-WA0001-678x381.jpg)
ভাস্কৰ জ্যোতি ভূঞালৈ “বীৰুবালা”ৰ বাবে শ্ৰেষ্ঠ সম্পাদকৰ বঁটা। “ৰং নাম্বাৰ”ৰ চিত্ৰ নাট্যকাৰ অভিজিত নায়কক শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ বঁটা প্ৰদান কৰে। জুৰীৰ “স্পেচিয়েল মেনশ্যন” বঁটা প্ৰদান দেৱজানী হালদাৰ পৰিচালিত “এ লেটাৰ টু মাই হোম”-এ। সামৰণি অনুষ্ঠানত জুৰিসকল ড° সন্তোষ পাথাৰি, যদুমনি দত্ত, সংস্কাৰ দেশাই আৰু অইনম গৌতমে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/rtpur8y4/IMG-20241027-WA0003-1536x1156.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰতীয় চিত্ৰ সাধনাৰ প্ৰমুখ অতুল গাংৱাৰ জীয়ে। লগতে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই ভাৰত মাতাৰ চিত্ৰত বন্তি প্ৰজ্বলন কৰি বঁটা বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/ylh66pzo/7155873e-d89a-4e58-ba31-39fc883933a3.jpg)
Also Read: অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন সতী ৰাধিকা মহিলা তীৰ্থৰ মাজুলী অধিৱেশনৰ সফল সামৰণি...