/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/exam-results.jpg)
ডিজিটেল সংবাদ বকোঃ কামৰূপ জিলাৰ বকোত এগৰাকী শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলফলকলৈ সামাজিক মাধ্যমত দিয়া হতাশা জনক এটা পোষ্টক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ঘটনাৰ বিৱৰণী মতে ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰাবাৰী আদৰ্শ জাতীয় বিদ্যালয়ৰ মেধাৱী শিক্ষাৰ্থী চৈত্যণ কুমাৰ মেধীয়ে শিক্ষাৰ্থীগৰাকীৰ ফলাফলকলৈ হতাশ হৈছে বুলি পোষ্টটোত উল্লেখ কৰিছে ।
মেধাৱী শিক্ষাৰ্থী গৰাকীয়ে উল্লেখকৰা মতে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ মাত্ৰ ৬২শতাংশ নম্বৰহে লাভ কৰিছে । অথচ শিক্ষাৰ্থীগৰাকীয়ে নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত ৯৩.২৭ শতাংশ নম্বৰ লাভ কৰিছিল ।একেদৰে প্ৰি-টেষ্ট পৰীক্ষাত ৮৫.৩৩ শতাংশ নম্বৰ লাভ কৰিছিল । তেনেস্হলত মেধাৱী শিক্ষাৰ্থীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘোষণা কৰা ফলাফল অনুযায়ী ৬২.৩৩ শতাংশ নম্বৰ লাভ কৰা বিষয়টো কোনো কাৰণতে মানি ল'ব পৰা নাই ।
কটন বিশ্ববিদ্যালয়ত পঢ়াৰ মন থকা শিক্ষাৰ্থী গৰাকীয়ে শিক্ষা বিভাগে ঘোষণা কৰা মতে পুনৰ পৰীক্ষা দিলে কটন বিশ্ববিদ্যালয়ত নাম ভৰ্তিৰ সময় উকলি নাযাৱ নে বুলি প্ৰশ্ন উত্থাপন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক টুইট কৰিছে ।শিক্ষাৰ্থীগৰাকীৰ অভিযোগ মুখ্যমন্ত্ৰী গৰাকীয়ে কেনেধৰণে গ্ৰহণ কৰে সেয়া সময়তহে গম পোৱা যাৱ ।
নমস্কাৰ মোৰ নাম চৈত্যণ কুমাৰ মেধি । মই এজন দশম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ । এইবাৰ HSLC পৰীক্ষা নোহোৱাত আমাৰ Class 9 ৰ বছৰেকীয়া পৰীক্ষা আৰু Pre Test ৰ নম্বৰ ৰ দ্বাৰা মূল্যায়ন কৰা হল । কিন্তু মোৰ ক্ষেত্ৰত এইটো একেবাৰে ফলপ্ৰসূ নহল । @himantabiswa @ranojpeguassam pic.twitter.com/j32bjJx9U5
— Chaitanya Medhi (@KumerChaityna) July 31, 2021