/asomiyapratidin/media/media_files/2025/03/29/7AR0LghVmdYBP3TUC5kM.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: ১৯৬৭ চনতে প্ৰতিষ্ঠা লাভ কৰা গহপুৰ সমজিলাৰ অন্যতম উল্লেখযোগ্য উচ্চ শিক্ষাৰ শৈক্ষিক প্ৰতিষ্ঠান ছয়দুৱাৰ মহাবিদ্যালয়ে লাভ কৰিছে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যদা।নতুন দিল্লীস্থিত বিশ্ববিদ্যালয় অনুদান আয়োগে আনুষ্ঠানিকভাবে এই মৰ্যদা প্ৰদান কৰে ছয়দুৱাৰ মহাবিদ্যালয়ক।
বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই ব্যৱস্থাৰ দ্বাৰা শৈক্ষিক দিশত মহাবিদ্যালয়সমূহে ইউ জি চিৰ বিভিন্ন নিৰ্দেশনাৱলীৰ আওতাৰ অধীনত শৈক্ষিক স্বতন্ত্ৰতা লাভ কৰে।সেই অনুসৰি এতিয়াৰে পৰা ছয়দুৱাৰ মহাবিদ্যালয়েও লাভ কৰিব এই শৈক্ষিক স্বতন্ত্ৰতা।
উল্লেখযোগ্য যে-ছয়দুৱাৰ মহাবিদ্যালয়ে ২০২৫-২৬ বৰ্ষৰ পৰা একবিংশ শতিকাৰ শৈক্ষিক পৰিৱেশৰ লগত ফেৰ মাৰিব পৰাকৈ উপযোগী পাঠ্যক্ৰম নিৰ্বাচন, বিষয় বাচনি, পাঠ্যক্ৰম যুগুত কৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা এক বিশেষ স্বাধীনতা লাভ কৰিব। ইয়াৰোপৰি মহাবিদ্যালয়খনত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰু পি এইচ ডি পাঠ্যক্ৰম প্ৰবৰ্তন কৰাৰ পথ সূচল হ'ব।
শৈক্ষিক পঞ্জিকা নিৰ্ধাৰণ, পৰীক্ষাৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো স্বতন্ত্ৰতা লাভ কৰিব ছয়দুৱাৰ মহাবিদ্যালয়ে। ইয়াৰ দ্বাৰা আশা কৰা হৈছে যে পৰীক্ষাৰ ফলাফল সমূহ ঘোষণা কৰাৰ ক্ষেত্ৰত পলম হোৱাৰ সমস্যা এই ব্যৱস্থাই দূৰ কৰিব।
বৰ্তমান লৈকে B.A, B.Sc,B.Com,B.Voc আৰু ITEPৰ সৈতে ৫ টাকৈ পাঠ্যক্ৰম থকা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ মহাবিদ্যালয়খনে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যদা লাভ কৰা খবৰে মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ,ছাত্ৰী আৰু গহপুৰবাসী ৰাইজক উৎফুল্লিত কৰি তুলিছে। উল্লেখযোগ্য যে-ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজাৰ কাৰ্য্যকালৰ পিছত বৰ্তমানৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুতৰ কাৰ্য্যকালত ছয়দুৱাৰ মহাবিদ্যালয়ে এক বিশেষ গতি লাভ কৰাৰ লগতে সংযোজিত হৈছে নতুন নতুন পাঠ্যক্ৰমৰ।
শেহতীয়াভাবে মহাবিদ্যালয়খনে স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হোৱাত মহাবিদ্যালখনৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।