চাবুৱাত বিধ্বংসী ধুমুহা-শিলাবৃষ্টি: ক্ষতিগ্ৰস্ত শতাধিক পৰিয়াল...

চাবুৱাত বিধ্বংসী ধুমুহা-শিলাবৃষ্টি: ক্ষতিগ্ৰস্ত শতাধিক পৰিয়াল...

author-image
Asomiya Pratidin
New Update
চাবুৱাত বিধ্বংসী ধুমুহা-শিলাবৃষ্টি: ক্ষতিগ্ৰস্ত শতাধিক পৰিয়াল...

ডিজিটেল সংবাদ, চাবুৱা: চ'তৰ আগমনৰ লগে লগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰদৈচিলাৰ আগতীয়া তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চাবুৱাৰ ৰহমৰীয়াত বিধ্বংসী ধুমুহা-শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে।

Advertisment

দেওবাৰে নিশা অহা ধুমুহা-শিলাবৃষ্টিত বহু পৰিয়ালৰ বাসগৃহ ভাঙি চুৰ-মাৰ হয়। ধুমুহা-শিলাবৃষ্টিৰ পিছতেই আশ্ৰয়ৰ অভাৱত ৰাইজৰ হাহাকাৰ অৱস্থাৰ পৰিলক্ষিত হৈছে। মাত্ৰ ৰহমৰীয়া নহয়, অঞ্চলটোৰ বগৰিতলীয়া, গেণিচুকৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এতিয়া খাদ্য আৰু আশ্ৰয়ৰ অভাৱত পৰাৰ শংকা আহি পৰিছে।

Also Read: এইবাৰ টকা দেখুৱাই মুকেশ আম্বানীয়ে কৰিলে এপ্ৰিল ফুল...

ASSAM GOVERNMENT