বৰপেটাত কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী…

বৰপেটাত কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী…

author-image
asomiyapratidin
New Update
বৰপেটাত কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী…

ডিজিটেল সংবাদ, বৰপেটাৰোড: কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানৱে মঙলবাৰে এদিনীয়া ভ্ৰমণ সূচীৰে বৰপেটা জিলাত উপস্থিত হয়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে বিমানযোগে নতুন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে কামাখ্যা ষ্টেচনৰ পৰা ৰেলগাড়ীৰে পোনে পোনে বৰপেটা ৰোড ষ্টেচনলৈ আহে।

Advertisment

বৰপেটা ৰোডত তেওঁ ষ্টেচনত থকা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলন কৰে।
তাৰপৰা তেওঁ বৰপেটালৈ যোৱাৰ পূৰ্বে বৰপেটাৰোডৰ ৮২৭ নং খৈৰাবাৰী প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয়। য'ত ছাত্র ছাত্ৰী ৰ সতে মত বিনিময় কৰে।

আনহাতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী জনে সদৰী কৰে যে প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশ অনুসৰি তেওঁ শংকৰদেৱৰ পবিত্ৰ ভুমিত পদাৰ্পণ কৰিছে। পূৰ্বে দেশৰ ১১৭ খন জিলাৰ ভিতৰত বৰপেটা জিলাক নীতি আয়োগে সমস্যা জৰ্জৰিত জিলা হিচাপে ঘোষণা কৰিছিল। এই জিলাখনৰ বৰ্তমান স্হিতি জনাৰ বাবে তেওঁ জিলাখনত উপস্থিত হোৱা বুলি কয়‌।

আনহাতে আজি তেওঁ বৰপেটাৰোডৰ উৰণীয়া সেতুখন নিৰ্মাণ কৰাৰ বাবে ৰেল বিভাগে বৰ্তমান লৈ নিদিয়া অনুমতি অনতিপলমে দিয়াৰ বাবে নিৰ্দেশ দিয়ে। আজিৰ এই ভ্ৰমণৰ পিছত তেওঁ হাউলী, দঙৰকুছী আদিত প্ৰাথমিক বিদ্যালয়, বাঁহ-বেতৰ উদ্যোগ আদিৰ উপৰি সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, পানীযোগান কেন্দ্ৰ, প্ৰধান মন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ ঘৰ, অঙ্গনবাড়ী কেন্দ্ৰ, কৃষি-পাম আদি পৰিদৰ্শন কৰাৰ কৰাৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখনি সভাত অংশ লয়।

এই ভ্ৰমণৰ সময়ত মন্ত্ৰী জনক কেবিনেট মন্ত্ৰী ৰণজিৎ দাসে সহযোগিতা কৰাৰ লগতে বৰপেটা উপায়ুক্ত, কেবাজনো বিধায়ক উপস্থিত থাকে।

আৰু পঢ়ক: আলফা(স্বা)ত যোগদান শদিয়াৰ যুৱকৰ!

assam barpeta