মথুৰাপুৰত দুদিনীয়াকৈ ফুৰালুং সমাজৰ কেন্দ্ৰীয় অধিৱেশন

মুকলি সভাত ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰিব

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত দুদিনীয়াকৈ ফুৰালুং সমাজৰ  কেন্দ্ৰীয় অধিৱেশন

ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ,শিৱসাগৰ তথা মথুৰাপুৰ দেওধাই গাঁৱৰ শাখাৰ সহযোগত শনিবাৰৰ পৰা দুদিনীয়াকৈ বৰতল খেলপথাৰত অনুষ্ঠিত হ'ব অসম ফুৰালুং সমাজৰ সোণালী জয়ন্তী অধিৱেশন ৷ অধিৱেশন উপলক্ষে মথুৰাপুৰ বৰতল খেলপথাৰত এক উখলমাখল পৰিবেশ বিৰাজ কৰিছে ৷

Advertisment

জানিব পৰা মতে ইতিমধ্যে পতকা বেদী,মূল মণ্ডপ,তোৰণ পূজা গৃহকে ধৰি সকলো প্ৰকাৰৰ কাম-কাজ উদযাপন সমিতিয়ে পূৰ্ণ গতি সাজু কৰি তুলিছে । অধিৱেশনৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা বিন-খ্ৰিঙ-ফা পতাকা উত্তোলন কৰিব চাও ৰামেশ্বৰ বুঢ়াগোহাঁই আৰু চাও প্ৰদীপ ফুকনে ৷

স্মৃতি তৰ্পণ কৰিব চাও নিপেন গগৈ আৰু পূৰ্ণজিৎ ফুকনে ৷ ইয়াৰ পিচতেই প্ৰতিনিধি পঞ্জীয়ন আৰু সদৌ অসম ভিত্তিত বুৰঞ্জীমূলক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দুপৰীয়া প্ৰতিনিধি সভা আৰু সন্ধিয়া বানফি ফুৰালুং পূজা অনুষ্ঠিত হ'ব ৷

আনহাতে দ্বিতীয় দিনা অধিৱেশনৰ সৈতে সংগতি ৰাখি আলোচনা চক্ৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব ৷ মুকলি সভাত ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰিব ৷

উল্লেখ যে,টাইলুং টাই খামসকলৰ নিজা সাংস্কৃতিক পৰম্পৰা ফুৰালুঙক সঠিকভাৱে পালন কৰিবৰ বাবে ১৯৭৩ চনত সদৌ অসম মহন দেওধাই বাইলুং সন্মিলনৰ পৃষ্ঠপোষকতাত জন্মগ্ৰহণ কৰা সদৌ অসম ফুৰালুং সমাজৰ ইতিমধ্যে ৫০ বৰ্ষত ভৰি দিয়ে। এনে পৰিপ্ৰেক্ষিতত  ফুৰালুং সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চৰাইদেউ জিলাৰ  মথুৰাপুৰ দেওধাই গাঁৱৰ শাখাৰ সহযোগত এই সোণালী জয়ন্তী অধিৱেশনৰ আয়োজন কৰিছে বুলি উদযাপন সমিতিয়ে জনায়।

উদ্যোক্তাসকলে দুদিনীয়াকৈ অনুষ্ঠিতব্য ফুৰালুং সমাজৰ সোণালী জয়ন্তী অধিৱেশনত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

Also Read: অপৰূপ সৌন্দৰ্যৰ আকৰ প্যাগডা ফুল

charaideo