কলিয়াবৰৰ ভোলাগুৰি সমবায় সমিতিৰ শতবৰ্ষ উৎসৱ উদযাপন...

author-image
Asomiya Pratidin
New Update
কলিয়াবৰৰ ভোলাগুৰি সমবায় সমিতিৰ শতবৰ্ষ উৎসৱ উদযাপন...

ডিজিটেল সংবাদ,কলিয়াবৰ : গৌৰৱোজ্জল শতবৰ্ষ গৰকিলে ৬৭০ টকাৰে ব্যৱসায় আৰম্ভ কৰি বৰ্তমান ৬ কোটিৰো অধিক টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ গৰাকী হোৱা কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে। প্ৰাক স্বাধীনতা কালতে ১৯২০ চনত এটি ক্ষুদ্ৰ বেংক হিচাপে স্থাপন হোৱা সমবায় সমিতিখনে পৰবৰ্তী সময়ত সমবায় আন্দোলনৰ এক শতবৰ্ষীয় যাত্ৰা অতিক্ৰম কৰি ২০২০ বৰ্ষত শতবৰ্ষ সম্পূৰ্ণ কৰে। ক'ভিড পৰিস্থিতিৰ বাবে দুটা বছৰ থমকি ৰৈ এই বছৰৰ ১০ আৰু ১১ অক্টোবৰত সমবায় সমিতিখন দুদিনীয়াকৈ আয়োজন কৰিছে শতবৰ্ষ সমাৰোহৰ।

Advertisment

সমাৰোহৰ সোমবাৰে প্ৰথম দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পন, তোৰণ উন্মোচন আদি কাৰ্যসূচীৰ উপৰি আয়োজন কৰা হয় আলোচনা চক্ৰও। শতবৰ্ষ সমাৰোহৰ লগত সংগতি ৰাখি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত কলিয়াবৰৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত. আৰু অতুল বৰাকে ধৰি ভালে সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হোৱা সমবায় সমিতিখনে অহা বৰ্ষৰ পৰা প্ৰতি বছৰে নিজাববীয়াকৈ অসমৰ শ্ৰেষ্ঠ সমবায় সমিতিখনলৈ ১০ হাজাৰ টকাৰ নগদ ধনৰ পুৰস্কাৰ আগবঢ়োৱাৰ কথাও শতবৰ্ষ সমাৰোহৰ অনুষ্ঠানতে ঘোষণা কৰে সমবায় সমিতিখনৰ সভাপতি মণ্টু বৰুৱাই।

Kaliabar assam