/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/vishwa-vinayaka-enterprises-rt-nagar-bangalore-cement-dealers-0ktwgwd9ga.jpg)
ডিজিটেল ডেস্কঃ শাসকীয় বিজেপি দললৈ কোনে কিমান ধন দান দিছে? নিৰ্বাচন আয়োগক এই তথ্য জমা দিছে বিজেপিয়ে। ভাৰতীয় জনতা পাৰ্টীৰ দিল্লীৰ মুখ্য কাৰ্যালয়ৰ সম্পাদকে নিৰ্বাচন আয়োগক ২০১৭ৰ ১ এপ্ৰিলৰ ২০১৮ৰ ৩১ মাৰ্চলৈ দলটোক দান দিয়া ব্যক্তি তথা অনুষ্ঠানৰ নাম আৰু ধনৰ পৰিমাণৰ সবিশেষ জমা দিছিল ৩১ অক্টোবৰ ২০১৮ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/c4da60ed-5134-4803-b596-c082cec44a3f.jpg)
২০ হাজাৰ টকাতকৈ অধিক ধন ২৫টা প্ৰতিষ্ঠানে এই সমছোৱাত বৰঙণি হিচাপে দলটোলৈ আগবঢ়াইছে। এই তালিকাত অসমৰো কেইবাটাও অনুষ্ঠান, প্ৰতিষ্ঠানৰ নাম আছে। তেজপুৰৰ টি কে ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডে ভাৰতীয় ষ্টেট বেংকৰ জৰিয়তে আৰটিজিএছ যোগে ২২ মে' ২৯১৮ত আগবঢ়াইছিল ৩০ লাখ টকা। গুৱাহাটীত মুখ্য কাৰ্যালয় থকা মেঘালয় চিমেন্ট লিমিটেডে ২২ মে' ২০১৭ আৰু ২৪ মে' ২০১৭ত ক্ৰমে ৬৫ লাখ আৰু ৩১ লাখ টকা দলটোলৈ বৰঙণি হিচাবে আগবঢ়াইছিল।
৬৫ লাখ টকা এছবিআই ভঙাগড় গুৱাহাটী শাখাৰ জৰিয়তে আৰটিজিএছ হোৱাৰ লগতে ৩১ লাখ টকা উক্ত বেংকৰ শাখাৰ জৰিয়তে চেক সংখ্যা- ৮৯৪৪১৯ যোগে দান কৰা বুলি দলটোৱে আয়োগক অৱগত কৰাইছে। ত্ৰিশূল টাৱাৰত থকা মহানগৰীৰ আন এটা চিমেন্ট কোম্পানী অমিত চিমেন্ট লিমিটেডে পাঞ্জাৱ নেশ্যনেল বেংকৰ জি এছ ৰোড শাখাৰ জৰিয়তে চেক নং- ৬১৩৯৪৭ যোগে আগবঢ়াইছিল ১৯ লাখ টকাৰ বৰঙণি। ২০১৭ চনৰ ৭ জুনত এই ধন কোম্পানীটোৱে বিজেপিক দিছিল।
গ্ৰীণ ভেলীৰ জে এছ বি চিমেন্টে কোম্পানীটোক উক্ত সময়ছোৱাত ক্ৰমে ১৭,৪০,০০০ আৰু ১১,২২,০০০ হাজাৰ আগবঢ়োৱাৰ তথ্যৰ কথাও এই তালিকাত উল্লেখ আছে। কাৰ্বি আংলঙৰ ধনীৰাম ৰংফা নামৰ এজন ব্যক্তিয়ে বিজেপিক আগবঢ়াইছিল ২৫ লাখ টকাৰ ধন। চেক নং ০০০০৭০ যোগে ডিফুৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ এটা শাখাৰ পৰা ১২ অক্টোবৰ, ২০১৭ত এই ধন আগবঢ়োৱা বুলি উল্লেখ আছে।
খ্ৰীষ্টিয়ানবস্তিৰ এম টেকন'লিজিছে এইছ ডি এফ চি বেংকৰ জি এছ ৰোডৰ শাখাৰ জৰিয়তে ৩০ হাজাৰ টকা, কাজিৰঙা ইউনিভাৰ্চিটি, যোৰহাটে ৩০ হাজাৰ টকা আগবঢ়াইছিল এই দলটোক। ইয়াৰ উপৰিও দেশৰ অন্য প্ৰান্তৰ পৰাও দলটোৱে লাভ কৰিছিল যথেষ্ট পৰিমাণৰ ধন। লক্ষণীয়ভাৱে হঠাৎ চিমেন্টৰ মূল্য বৃদ্ধি হৈছিল উক্ত সময়ছোৱাত।
এই তালিকালৈ চালে দেখা পোৱা যায়, মেঘালয় চিমেন্ট লিমিটেডে মুঠ ৯৫ লাখ টকা বিজেপিলৈ উক্ত সময়ছোৱাত আগবঢ়োৱাৰ বাবে কোম্পানীটোৱে সেই ধন হঠাৎ চিমেন্টৰ মূল্য বৃদ্ধি কৰি গ্ৰাহকৰ পৰা উঠোৱাৰ চেষ্টা কৰিছিল। অমিত চিমেন্ট লিমিটেডেও ৭ জুন, ২০১৭ত ১৯ লাখ টকা আগবঢ়োৱাৰ বিপৰীতে জে এছ বি চিমেন্টে ১১,২৮,০০০ টকা আগবঢ়াইছিল।
১ এপ্ৰিল, ২০১৭ৰ পৰা ৩১ মাৰ্চ ২০১৮লৈকে অসমৰ পৰাই চিমেন্ট কোম্পানীয়ে বিজেপিক দান কৰিছিল প্ৰায় ডেৰ কোটিৰো অধিক ধন। সেই সময়ত চিমেন্টৰ মূল্য হঠাৎ বৃদ্ধি হোৱাক লৈ সৃষ্টি হোৱা ৰহস্য বিজেপিয়ে নিৰ্বাচন আয়োগক দাখিল কৰা এই তথ্যত পৰিস্ফূট হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/6e557efc-947d-404a-8b0c-faa487eb805d.jpg)