পহিলা ভাদত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত আৰম্ভ পৰম্পৰাগত নামকীৰ্ত্তন

পহিলা ভাদত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত আৰম্ভ পৰম্পৰাগত নামকীৰ্ত্তন

author-image
asomiyapratidin
New Update
পহিলা ভাদত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত আৰম্ভ পৰম্পৰাগত নামকীৰ্ত্তন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতীয় জীৱনৰ আতাইতকৈ পবিত্ৰ মাহ হৈছে ভাদ মাহ আৰু আজি ভাদ মাহৰ প্ৰথমটো দিন। আজিৰে পৰা হৰি নামৰ অমল ধ্বনিত মুখৰিত হব ৰাজ্যৰ সত্ৰ নামঘৰ। মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানটো ভাদ মাহ উপলক্ষে পুৱাৰে পৰা ভকত বৈষ্ণৱৰ আগমন ঘটিছে আৰু বটদ্রৱা থান পৰম্পৰাগত নামকীৰ্ত্তনৰে মুখৰিত হৈ পৰিছে।

Advertisment

উল্লেখ্য যে ভাদ মাহ উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত নামকীৰ্তন আৰু আধ্যাত্মিক পৰিবেশৰ মাজৰে দ্বিতীয় বৈকুণ্ঠ পূৰীলৈ পৰিণত হয়। সত্রীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ শ্রীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্রৱাত পবিত্ৰ ভাদ মাহ উপলক্ষে থানত সমগ্ৰ মাহজুৰি পুৱাৰে পৰা মাজনিশালৈ ওঠৰ প্রসঙ্গৰে মুখৰিত হৈ থাকিব।

আৰু পঢ়ক : যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ সহ আটক যুৱক…

assam batadrava