/asomiyapratidin/media/media_files/2025/04/21/VhF7iQqEDlsu03JwinCW.jpg)
ৰঙালী বিহু উৎসৱ উদযাপন
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বৰহাতীচোং পুথিভঁৰাল আৰু কৃষ্টি বিকাশ সংঘৰ উদ্যোগত অঞ্চলৰ ৰাইজৰ সহযোগত দেওবাৰৰ পৰা ভিন্ন কাৰ্য্যসূচীৰে "ৰঙালী বিহু উৎসৱ" উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে লক্ষেশ্বৰ নাথে। বন্তি প্ৰজ্বলন কৰে বুলন চন্দ্ৰ নাথে। স্বহীদ তৰ্পন কৰে জীতেন মেধিয়ে।
চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি, আকস্মিক বক্তৃতাৰ পাছত ২ বজাত বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। নিশা গৌতম ডেকা আৰু উৎপল বনিয়াই মঞ্চ মুকলি কৰাৰ পাছত মুকলি বিহু প্ৰদৰ্শন কৰা হয়। নিশা ১০ বজাৰ পৰা সদৌ অসম ভিত্তিক একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক দিব্যজ্যোতি বৰুৱা আৰু শিল্পী কানু কন্দলীয়ে বিচাৰকৰ আসন অলংকৃত কৰা অনুষ্ঠানটি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। পুৱতি নিশালৈ অনুষ্ঠিত অনুষ্ঠানটিৰ অন্তত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।