/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/41a62bd9-e89c-44ac-8fc4-a29e2d48435c/WhatsApp_Image_2022_09_10_at_1_20_15_AM.jpeg)
NILAMONI PHUKAN NILAMONI PHUKAN
ভুলতে তোমাক বিছনাখনত
খেপিয়াই ফুৰিছিলোঁ,
তুমি যে পর্বতটোৰ
নামনিত
তিলফুল হৈ
হালি-জালি ফুলি আছা।
আজি কাব্যঋষি নীলমণি ফুকনৰ ৯০ সংখ্যক ওপজা দিন। কবিৰ ওপজা দিনত সকলোৱে তেওঁ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে প্ৰাৰ্থনা কৰিছে। সামাজিক মাধ্যমত ভৰি পৰিছে কবিৰ ভিন্ন কবিতা। তৰুণ প্ৰজন্মই কবিক তেওঁৰ কবিতাৰেই ওপজা দিনৰ শুভেচ্ছা প্ৰেৰণ কৰিছে। বিভিন্নজনে লৈছ বিভিন্ন পদক্ষেপ।
১৯৩৩ চনৰ ১০ ছেপ্তেম্বৰত গোলাঘাটৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰিছিল নীলমণি ফুকনে। অধ্যাপনাৰ সমান্তৰালকৈ গোটেই জীৱন কবিতা চৰ্চা কৰি অসমীয়া কাব্য সাহিত্যিলৈ অনবদ্য অৱদান আগবঢ়োৱা কাব্যঋষি গৰাকীকক শেহতীয়াকৈ ভাৰতীয় সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ সন্মান জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে।
শাৰীৰিক অসুস্থতাত ভূগি থকা কবিৰ ওপজা দিনত আজি পৰিয়ালৰ সদস্যসকলে এক বিশেষ কাৰ্যসূচী হাতত লৈছে। কবিৰ দুখনকৈ কবিতা পুথি পুনৰ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰি দুয়োখন কবিতা পুথি আজি কবিৰ হাতেৰেই উন্মোচন কৰোৱা হয়।
পুনৰ প্ৰকাশিত এই কবিতা পুথি দুখন ক্ৰমে 'গোলাপী জামুৰ লগ্ন' আৰু 'সূৰ্য হেনো নামি আহে এই নদীয়েদি'। ইফালে কবিৰ 'ইয়াৰ পৰাই পানী' শীৰ্ষক কবিটাতো শিল্পী শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাতৰে কণ্ঠদান কৰি গীতৰ ৰূপ দিছে। এই গীতটোও আজি কবিয়ে নিজেই মুকলি কৰে। শিল্পী দুগৰাকীৰ এই প্ৰচেষ্টাক বহুতেই শলাগ লৈছে।