ঢকুৱাখনা চেইণ্ট থমাছ স্কুলৰ ১০০ শতাংশ উত্তীৰ্ণ…

ঢকুৱাখনা চেইণ্ট থমাছ স্কুলৰ ১০০ শতাংশ উত্তীৰ্ণ…

author-image
asomiyapratidin
New Update
ঢকুৱাখনা চেইণ্ট থমাছ স্কুলৰ ১০০ শতাংশ উত্তীৰ্ণ…

ডিজিটেল সংবাদ , ঢকুৱাখনা : সদ্য ঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ ( চি বি এছ চি )ৰ দশম শ্ৰেণীৰ  ফলাফল অনুসৰি  ঢকুৱাখনাৰ প্ৰধানতম ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান চেইণ্ট থমাছ স্কুলৰ উত্তীৰ্ণৰ হাৰ  ১০০ শতাংশ  । গুণগত শিক্ষা প্ৰসাৰণৰ লগতে সাংস্কৃতিক আৰু বৌদ্ধিক উত্তৰণৰ  দিশত  অমূল্য অৱদান আগবঢ়াই অহা এইখন বিদ্যালয়ৰ পৰা  মুঠ ৩৮ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ দশম শ্ৰেণীৰ পৰীক্ষাত।

ইয়াৰে  ১৩ গৰাকীয়ে দিষ্টিংচন নম্বৰ অর্জন কৰি মুঠ ২৩ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত  আৰু ২ গৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।  শিক্ষাৰ্থী সকলৰ এনে সফলতাত বিদ্যালয় পৰিয়ালৰ লগতে অধ্যক্ষ চেবি এম বেবীয়ে  আন্তৰিক অভিনন্দন জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।

আৰু পঢ়ক: মুকলি আকাশৰ তললৈ আহি বৰ্ষাশ্ৰীয়ে ক'লে, মই অনুতপ্ত…

assam cbsc dhakuakhana