কোটিটকীয়া ঋণ জালিয়াতিৰ অভিযোগঃ CBIৰ ৰোষত অসমৰ ব্যক্তিগত প্রতিষ্ঠান

কোটিটকীয়া ঋণ জালিয়াতিৰ অভিযোগত CBIৰ ৰোষত পৰিছে অসমৰ এটা ব্যক্তিগত প্রতিষ্ঠান।

author-image
Asomiya Pratidin
New Update
কোটিটকীয়া ঋণ জালিয়াতিৰ অভিযোগঃ CBIৰ ৰোষত অসমৰ ব্যক্তিগত প্রতিষ্ঠান

ডিজিটেল ডেস্কঃ অসমৰ এটা ব্যক্তিগত প্রতিষ্ঠানৰ বিৰুদ্ধে চি বি আয়ে ৰুজু কৰিছে গোচৰ। ব্রহ্মপুত্র টি এম টি (TMT) বাৰছ প্রাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটো বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে। কোটিটকীয়া ঋণ জালিয়াতিৰ অভিযোগত চিবিআয়ে গোচৰ ৰুজু কৰাৰ কথা জানিব পৰা গৈছে।

Advertisment

উল্লেখ্য যে, প্রতিষ্ঠানটোৰ দুই সঞ্চালকৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ। সঞ্চালক দুগৰাকীৰ নাম ক্ৰমে সন্তোষ জয়ছোৱাল আৰু পদ্মনাথ ডেকা। দুই সঞ্চালকৰ বিৰুদ্ধে প্ৰায় ৬৫.৭৩ কোটি টকাৰ ঋণ জালিয়াতি কৰাৰ অভিযোগ। কাল্পনিক লেনদেন দেখুৱাই ভুৱা বিত্তীয় বিৱৰণী দাখিল কৰিছিল দুই সঞ্চালকে।

Also Read: বাক্সাত ছাত্ৰ নিৰ্যাতন ঘটনাঃ শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰ

cbi