ঢকুৱাখনাত ২ পশুধন সহ গৰু চোৰ গ্ৰেপ্তাৰ

ঢকুৱাখনাত ২ পশুধন সহ গৰু চোৰ গ্ৰেপ্তাৰ

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত ২ পশুধন সহ গৰু চোৰ গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: সহজলভ্য ধনৰ লালসাত পৰি  ঢকুৱাখনাৰ এটা  চহা পৰিয়ালৰ দুটা পশুধন চুৰি কৰি ৰঙা ঘৰৰ আলহী হব লগা হ'ল এটা অৰ্থলোভী । ঘটনাৰ বিবৰণি অনুসৰি ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত জীয়মৰিয়া গাঁওৰ কৃষক  তুনতুন কোঁচৰ চাৰিকঢ়িয়া নদীৰ পাৰৰ পুথিমাৰি চাপৰিত অৱস্থিত পামৰ পৰা মঙলবাৰে নিশা দুটা বলধ  অচিনাক্ত ব্যক্তিয়ে চোৰ কৰি নিয়ে।

Advertisment

বুধবাৰে পুৱা গৃহস্থ তুনতুন কোঁচে জানিব পাৰি সমগ্ৰ অঞ্চলত হৃত দুই বলধৰ সন্ধানত নামে।  পশুধন সন্ধান অভিযান চহা পৰিয়ালটোৱে অব্যাহত ৰখাৰ সময়তে দুটা বলধ  ঢকুৱাখনা-ঘিলামৰা ৰাজ্যিক পথেৰে নি থকাৰ সম্ভেদ লাভ কৰে। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এক এজাহাৰ দাখিল কৰি আৰক্ষীক হৃত গৰুৰ অৱস্থিতি  সন্দৰ্ভত অৱগত কৰাত গৃহস্থ আৰু আৰক্ষীয়ে তৎপৰতাৰে গৈ ঘটাপৰা অঞ্চলৰ ৰাজপথৰ পৰা দুয়োটা গৰু উদ্ধাৰ কৰি দুজন যুৱকক আটক কৰে।

দুই পশুধন সৰবৰাহকাৰীক কৰা জেৰাৰ  কালত এজন ব্যক্তিয়ে  দিন হাজিৰা কৰা দুই ব্যক্তিক ঘিলামৰালৈ পশুধন দুটা খেদি নিয়াৰ বাবদ ৪৫০ টকাকৈ দিয়াৰ বন্দোবস্তি কৰা বুলি আৰক্ষীক জনাই । ধৃত দুই সৰবৰাহকাৰী ব্যক্তিক লগত লৈ ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদর্শক মেৰাফট আলিয়ে চলোৱা অভিযানত ঘিলামৰাৰ মইনাপৰা অঞ্চলৰ পৰা প্ৰকৃত গৰু চোৰ মইনা বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত গৰু চোৰটোৰ ঘৰ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মহঘুলি চাপৰিত ।  চতুৰ গৰুচোৰ  মইনা বৰাই লোক চক্ষুৰ পৰা হাত সাৰিবলৈ এখন জালিয়াতি পূৰ্ণ  পশুধন কিনা বেচাৰ ৰচিদ লিখি লৈছিল। যত ৫০ হাজাৰ টকাৰ বিনিময়ত দুটা বলধ ক্ৰয় কৰা বুলি লিপিবদ্ধ কৰি লৈছিল। কোনো অজ্ঞাত স্থানলৈ বিক্ৰীৰ বাবে নিয়া দুটা বলধ সৰবৰাহ কৰিবলৈ দুজন দিন হাজিৰা কৰা ব্যক্তি বাঞ্জী পথাৰ গাঁওৰ লক্ষী প্ৰসাদ দলে আৰু  মহেন্দ্ৰ দলেক পুৱা বুধবাৰে পুৱা ৫ বজাত ঢকুৱাখনা নগৰ চাৰিআলিত  চমজি দি নিৰাপদ স্থানত অৱস্থান লোৱা চতুৰ গৰুচোৰ মইনা বৰাক পঞ্জীভূত গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে আৰু বলধ দুটা গৰাকীক চমজি দিছে আৰক্ষীয়ে ।

আৰু পঢ়ক: দলবদ্ধ বলাৎকাৰৰ গোচৰ ৰুজু কৰিবলৈ যোৱা কিশোৰীক বলাৎকাৰ আৰক্ষীৰ…

assam dhakuakhana