নগদ ধনসহ পশুধন সৰবৰাহকাৰী আটক

অসম এছ টি এফ-ৰ ডি আই জি পাৰ্থ সাৰথি মহন্তৰ বিশেষ সূত্ৰৰ পম খেদি এছ টি এফৰ-ৰ‌ এটা অভিযানকাৰী দলে ১৮ জুলাইৰ সন্ধিয়া আটক কৰে পশুধন সৰবৰাহকাৰীক

author-image
Asomiya Pratidin
New Update
নগদ ধনসহ পশুধন সৰবৰাহকাৰী আটক

ডিজিটেল ডেস্কঃ অসম এছ টি এফ-ৰ ডি আই জি পাৰ্থ সাৰথি মহন্তৰ বিশেষ সূত্ৰৰ পম খেদি এছ টি এফৰ-ৰ‌ এটা অভিযানকাৰী দলে ১৮ জুলাইৰ সন্ধিয়া আটক কৰে পশুধন সৰবৰাহকাৰীক। যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত যোৰাবাট এলেকাত এটি যুটীয়া অভিযান চলাই দুজনকৈ পশুধনৰ অবৈধ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নগদ ধনৰ সৈতে আতক কৰিবলৈ সক্ষম হয়।

Advertisment

আটকাধীন ব্যক্তি দুজনৰ পৰা নগদ ২৬ লাখ ৫০ হেজাৰ টকা, এই এছ ০১ এফ এফ ০৫২৭ পঞ্জীয়নকৃত নম্বৰৰ এখন মহিন্দ্ৰ বলেৰ' গাড়ী আৰু দুটা মোবাইল ফোন উদ্ধাৰ কৰি জব্দ কৰা হয়। অভিযানটোত আটক কৰা ব্যক্তি দুজন হ'ল মৰিগাওঁ জিলাৰ দানদোৱা গাঁৱৰ মঃ ছামচুদ্দিন আহমেদ ওৰফে বগা (৩১ বছৰ) আৰু মঃ ছাহিদুল ইছলাম (৩১ বছৰ)।

পৰৱৰ্তী সময়ত এই সংক্ৰান্তত গোচৰ ৰুজু কৰা হয়। আটকাধীন ব্যক্তি দুজনৰ লগতে জব্দকৃত নগদ ধন, বলেৰ' গাড়ীখন আৰু মোবাইল ফোন দুটা এছটিএফ-ৰ দলটোৱে যোৰাবাট আৰক্ষীক চমজাই দিয়ে।

Also Read: কাজিৰঙাত বানঃ একেটা হাইলেণ্ডতে আশ্ৰয় লৈছে গঁড়,ম’হ,জাক জাক হৰিণাই

Assam police